চৰকাৰক অইন উগ্ৰপন্থী সংগঠনৰ দৰে কেএলঅ’ৰ লগতো আলোচনাৰ আহ্বান আক্ৰাছুৰ সভাপতি দ্বীপেন ৰায়ৰ

WhatsApp Image 2021 08 26 at 1.56.50 PM

কোচৰাজবংশী জাতি জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰৰ দাবী কৰি অহা একমাত্ৰ সংগঠন আক্ৰাছুৰ সভাপতি দ্বীপেন ৰায়ে কয় যে কোচৰাজবংশী জনগোষ্ঠীৰ একাংশ যুৱকে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰৰ বাবে হাতত অস্ত্ৰ তুলি লোৱা কামতাপুৰ লিবাৰেশন অৰ্গানাইজেচন চমুকৈ কেএলঅ’ৰ সদস্যসকলৰ লগতো চৰকাৰে অইন উগ্ৰপন্থী সংগঠনৰ দৰে আলোচনা হ’ব লাগে । চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰক ।

ADVERTISEMENT

অইন অইন উগ্ৰপন্থী সংগঠনৰ দৰে কেএলকো মূল সুতিলৈ ঘূৰাই আনি নামনি অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ আহ্বান জনায় । ইয়াৰ উপৰিও অসম চৰকাৰে গঠন কৰি দিয়া কামতাপুৰ অট’নমাচ কাউঞ্চিল চমুকৈ কেএচিৰ ক্ষেত্ৰতো দ্বীপেন বৰ্মনে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে আক্ৰাছুৱে কোনোদিনে কেএচি বিচৰা নাছিল । আক্ৰাছুৱে বিচাৰিছিল কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু কামতাপুৰ ৰাজ্য পুনৰ গঠন । কিন্তু চৰকাৰে কামতাপুৰ ৰাজ্যৰ পৰিৱৰ্তে কাউঞ্চিল দিয়া কাৰ্যটো আক্ৰাছুৱে সহমত জনোৱা নাছিল যদিও প্ৰতিবাদো কৰা নাই ।

যদি কোচৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাউঞ্চিল গঠন কৰি দিছে তেনেহ’লে কাউঞ্চিলখনক পুৰ্নাংগ ৰূপত দায়িত্ব প্ৰদান কৰাৰো দাবী জনায় ছাত্ৰ নেতাজনে ।

Exit mobile version