জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদত আজিৰে পৰা আৰম্ভ হৈছে কাঠমিস্ত্ৰীৰ প্ৰশিক্ষণ, কলকাতাৰ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হৈছে এই প্ৰশিক্ষণ

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত এন জি অ’ জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদত আজিৰে পৰা ২০ গৰাকীকৈ কাঠমিস্ত্ৰীক প্ৰশিক্ষণ দিয়াৰ আৰম্ভ কৰা হৈছে।

জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকে আতধৰা আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধনী অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ কাৰ্যবাহী বিষয়া শচীন কুমাৰ, কলকাতাৰ প্ৰশিক্ষক অমিত বিশ্বাস আৰু মুক্ত সুত্ৰধৰৰ লগতে জনীয়া গাওঁ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতি অখিল ওঁজা, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুল জলিল তালুকদাৰ, সাংবাদিক মইনুল হক চৌধুৰী উপস্থিত থাকি কাৰ্যসূচীৰ ওপৰত ভাষন প্ৰদান কৰে।

২০ দিনীয়া প্ৰশিক্ষণৰ পাছত প্ৰশিক্ষণ লোৱা মিস্ত্ৰী সকলক খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ তৰফৰ পৰা প্ৰমাণ পত্ৰৰ লগতে কাম কৰিবলৈ এটাকৈ মেচিন দিয়া হ’ব বুলি জানিব পৰা গৈছে।

Exit mobile version