হত্যা কৰা নাই তালিবানে ,মাৰধৰ কৰিছে ,টুইট কৰি জনালে ‘মৃত’সাংবাদিকে

YIJWEEF4MZBOBGALNKXLLKNWGA

আফগানিস্তানত এজন টোলো নিউজ সাংবাদিকৰ মৃত্যুৰ দাবী। প্ৰথমে, আফগানিস্তানৰ ব্যক্তিগত বাতৰি চেনেল টোলো নিউজে টুইট কৰি জনাই যে তেওঁলোকৰ সাংবাদিক জিয়াৰ য়াদ খানক হত্যা কৰিছে তালিবানে । ইয়াৰ ঠিক অলপ সময়ৰ পাছতে সাংবাদিকজনে নিজেই টুইট কৰি কয় যে তালিবানৰ আক্ৰমণ সংঘটিত হৈছে ঠিকে, কিন্তু তেওঁ জীয়াই আছে।

টুইটত জিয়াৰে দাবী কৰিছে,’কাবুলৰ নিউ চিটি অঞ্চলত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ। তেতিয়াই তালিবানে আমাক প্ৰহাৰ কৰিছিল। কেমেৰাউ ভাঙি দিয়া হৈছে। কাঢ়ি লোৱা হৈছে মোবাইল।

তেতিয়াই মোৰ মৃত্যুৰ ভুৱা বাতৰি বিয়পি পৰিছিল। তালিবানসকল এখন লেণ্ড ক্ৰুজাৰত আহিছিল আৰু আমাৰ সন্মুখত থিয় হৈছিল। তাৰ পাছত তেওঁ বন্দুকেৰে আমাক প্ৰহাৰ কৰে। ‘

আন এটা টুইটত তেওঁ লিখিছিল, ‘মই এতিয়াও বুজি পোৱা নাই যে তালিবানে মোক এনেদৰে কিয় ব্যৱহাৰ কৰিছিল। তালিবান নেতাসকলে নিশ্চয় এই খবৰটো পাইছে। আক্ৰমণকাৰীসকলক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। যিটো এই দেশত প্ৰকাশৰ অধিকাৰৰ বিৰোধী। ‘

স্থানীয় সূত্ৰ অনুসৰি, জিয়াই কাবুলত দৰিদ্ৰতা আৰু নিযুক্তিৰ ওপৰত এটা বাতৰি প্ৰকাশ কৰি আছিল। আফগানিস্তানত দ্বিতীয়বাৰৰ বাবে তালিবান শাসনলৈ অহাৰ পাছৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে।

Exit mobile version