বলিউডৰ জনপ্রিয় চলচ্চিত্র পৰিচালক কবিৰ খানৰ মতে, ভাৰতীয় ছবিত মােগল সম্রাটক খলনায়ক হিচাপে উপস্থাপনৰ যি এক প্রৱণতা শেহতীয়াভাৱে গঢ় লৈ উঠিছে, সেয়া যথেষ্ট অস্বস্তিকৰ।
‘এক থা টাইগাৰ’ৰ পৰিচালক খানৰ মতে, মােগল সম্রাটক লৈ বলিউডত শেহতীয়াভাৱে নিৰ্মাণ কৰা প্ৰায়বােৰ ছবিয়ে ইতিহাস আধাৰিত নহয়, বৰঞ্চ প্রচলিতত লােককথা অনুসৰিহে নির্মাণ কৰা হৈছে।
এক সাক্ষাৎকাৰত ‘বজৰংগি ভাইজান’, ‘নিউয়র্ক’ৰ দৰে ছবিৰ পৰিচালকজনে কয়, ‘যিসমূহ ছবিত মােগল সম্রাটক খলনায়ক হিচাপে উপস্থাপন কৰা হয়, তেনে ছবিৰ প্রতি মােৰ কোনাে শ্রদ্ধা নাই। কিয়নাে প্রকৃত অর্থত ভাৰত গঢ়িছিল মােগলে।
সঁচাকৈ ক’বলৈ হ’লে মােৰ বাবে এই বিষয়টো অস্বস্তিকৰ। এই অস্বস্তিৰ কাৰণটো হ’ল প্রচলিত লােককথাক ভিত্তি কৰি এনেবােৰ ছবি নির্মাণ কৰা হয়।
এজন চলচ্চিত্র নির্মাতাই ইতিহাস নির্ভৰ ছবি নির্মাণ কৰিলে নিজে গৱেষণা কৰিব, সেই তথ্য অনুসন্ধানৰ ভিত্তিত ছবি নির্মাণ কৰিব। এনে ক্ষেত্ৰত আপােনাৰ দৃষ্টিভংগী ভিন্ন হ’ব পাৰে, কিন্তু আপুনি যদি মােগলক ক্ষতিকাৰক হিচাপে উপস্থাপন কৰিব বিচাৰে তেন্তে অনুগ্রহ কৰি যুক্তিৰে বুজাই দিয়ক।
কেৱল জনপ্রিয়তা লাভৰ উদ্দেশ্যৰে ইতিহাস বিকৃত কৰা অনুচিত। উল্লেখ্য যে বলিউডত নির্মিত ‘পদ্মাবত’, ‘পানিপথ’, ‘তানহাজি’ৰ দৰে একাধিক ছবিত মােগল আৰু মুছলমান শাসকক নেতিবাচক ৰূপত উপস্থাপন কৰা হৈছে।’