শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে বহুলোকে নিয়মীয়াকৈ ধ্যান কৰে। বিজ্ঞানে কয় যে, প্ৰতিদিনে কিছু সময়ৰ বাবে নিয়মীয়াকৈ ধ্যান কৰিলে শাৰীৰিক আৰু মানসিক ভাগৰ উপশম কৰিব পাৰি।
কিন্তু ধ্যানৰ সকলো প্ৰভাৱ ইমান ইতিবাচক নহয়। বহু ক্ষেত্ৰত শৰীৰত সুস্থতাৰ বাবে ধ্যান কামত আহিলেও অত্যাধিক কৰিলে ইয়াৰ পৰা ক্ষতিও হব পাৰে ।
জানি লওক ধ্যানে কেনেদৰে প্ৰভাৱ পেলাব পাৰে
চিকিৎসকসকলৰ মতে, ধ্যানৰ সময়ত আমাৰ মনলৈ বিভিন্ন ধৰণৰ আৱেগ আৰু স্মৃতি আহে। বহুতৰ বাবে, ইয়াৰ ফলত তীব্ৰ উদ্বেগৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।
*বিচ্ছিন্ন হ’ব পাৰে
বিভিন্ন সময়ত আমি আনৰ ওচৰত থকাৰ প্ৰৱণতাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰোঁ। অন্তৰংগতাৰ প্ৰতি অনিচ্ছাৰ ফলত কেতিয়াবা বিচ্ছিন্নতা হ’ব পাৰে। এফালে, যিদৰে ধ্যানে নিজৰ স’তে সংযোগ স্থাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ই আপোনাক বিপৰীত দিশৰ বাকীবোৰৰ পৰা আঁতৰাই নিব পাৰে।
*মানসিক ভাৱে অনুপ্ৰেৰণা অভাৱ অনুভৱ কৰিব পাৰে
যিহেতু ধ্যানে এটা মন শক্তিশালী আৰু স্বতন্ত্ৰ কৰি তোলে, বহুক্ষেত্ৰত ই বাহিৰৰ পৃথিৱীৰ প্ৰতি বিতৃষ্ণাৰ উৎস হ’ব পাৰে।
*টোপনিৰ সমস্যাৰো সন্মুখীন হ’ব পাৰে
চিকিৎসকসকলৰ মতে, ধ্যানে প্ৰায়ে আমাৰ বিভিন্ন ইন্দ্ৰিয়ক অধিক সজাগ কৰে। যি আমাৰ টোপনিৰ ৰুটিন ক্ষতিগ্ৰস্ত কৰিব পাৰে।
লগতে অত্যাধিক ধ্যানৰ অভ্যাসে আমাক শাৰীৰিকভাৱেও ক্ষতি কৰিব পাৰে। ভাগৰ, মূৰ ঘূৰোৱা, মুৰৰ বিষ আদিৰ দৰে সমস্যা হোৱাটো অতি অস্বাভাৱিক নহয়।