গুইজানৰ ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে বুৰাইছে বিভিন্ন অঞ্চল

বিগত কিছুদিনৰ পৰা হৈ থকা প্ৰবল বৰষুণৰ ফলত ডিব্ৰু নৈৰ জলপৃষ্ঠ সুৰা-সুৰে বাঢ়িব ধৰিছে আৰু নিশাৰ ভাগতে বুৰাই পেলাই বহু অঞ্চল ৷

গুইজান আৰক্ষী চকী, নতুনগাঁৱৰ এৰাসুঁতি, গৰমজান, ৰঙ্গাগড়া চাহ বাগিছা, লাইকাৰ পোমা অঞ্চলৰ লগতে নদীকাষৰীয়া অধিকাংশ এতিয়া পানীৰ তলত ৷

নিশাৰ ভিতৰতে অহা বাঢ়নী পানীৰ কাৰণে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ ৷

বাঢ়নি পানী যিহেতু বৰ্তমানো বাঢ়িয়েই আছে সেইহেতুকে এতিয়া জিলা প্ৰশাসন তথা চৰকাৰলৈ সহায়ৰ হাত বিচাৰিছে বানাক্ৰান্ত ৰাইজে ৷

Exit mobile version