গোসাইগাঁৱত হেৰ’ইনসহ দুজনক আটক

WhatsApp Image 2021 08 27 at 2.18.12 PM

গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ৮.৩০ বজাত ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচীত কৰ্তব্যৰত মুক্তাৰ আলী নামৰ আৰক্ষীৰ জোৱানজনে জিজে০১ ইটি৩০৬৭ নম্বৰ এখন কণ্টেইনাৰ ট্ৰাক ৰখাই তালাচী চলোৱাত ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ হয় ।

পাছত ট্ৰাকখন জব্দ কৰাৰ লগতে বিকাশ কুমাৰ আৰু চালক অনিল কুমাৰক আটক কৰি থানালৈ লৈ আনে । জব্দকৃত হেৰ’ইনখিনিৰ মূল্য কে’বা কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ।

Exit mobile version