প্ৰাতঃভ্ৰমণলৈ গৈ বাগসাৰ পূৱ খাগ্ৰাবাৰীৰ মহিলা নিৰুদ্দেশ

WhatsApp Image 2021 08 27 at 7.03.07 PM

বাগসা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ খাগ্ৰাবাৰী গাওঁ নিবাসী কামেশ্বৰ নাথৰ পত্নী ভবানী নাথ আজি ৰাতিপুৱা প্ৰায় চাৰি বজাৰ পৰা নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি আনদিনাৰ দৰে আজি ৰাতিপুৱাও প্ৰাত:ভ্ৰমণৰ বাবে স্বামীক লগ ধৰে মহিলাগৰাকীয়ে ৷ কিন্তু বৰষুণ দি থকাৰ বাবে স্বামী যাবলৈ অমান্তি হোৱাত পত্নী ভৱানী নাথে অকলেই প্ৰাতঃভ্ৰমণৰ বাবে ওলাই যোৱাৰ পাছৰে পৰা ঘৰলৈ উভতি নহাত স্বামীয়ে বিচাৰ-খোচাৰ আৰম্ভ কৰে । আত্মীয় কুটমৰ ওচৰতো খবৰ কৰাৰ লগতে বিভিন্ন স্থানত অনুসন্ধান চলায় যদিও বাতৰি যুগুতোৱাৰ পৰলৈ কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই ৷

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীৰ লগতে কাষ চাপে স্থানীয় সংবাদ মাধ্যমৰ৷ কোনো সদাশয় ব্যক্তিয়ে ভৱানী নাথ নামৰ মহিলাগৰাকীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী চকীৰ লগতে পৰিয়ালৰ 7896168984 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

Exit mobile version