বোকাজান থানাৰ অন্তৰ্গত ঘৰিয়ালডুবিত কাৰ্বি আংলং আৰক্ষী আৰু ডিমাপুৰৰ ৫নং অসম ৰাইফলচ বাহিনীৰ যৌথ অভিযান ৷
এটা ০.২২ৰাইফল, এটা নাইন এম এম পিষ্টল, দুটা পইণ্ট টু টু পিষ্টল, এটা চাইনিজ গ্ৰেণেড আৰু ৰাইফলৰ পাঁচজাই সজীৱ গুলী উদ্ধাৰ ৷
অসম নগালেণ্ড সীমান্তৰ ধনশিৰি নদী পাৰ হৈ আহি থকা অৱস্থাত উক্ত অস্ত্ৰ ভাণ্ডাৰসহ আটক কৰে চাৰি যুৱকক ৷
আটকাধীন কেইজন হ’ল ডিফু থানাৰ অন্তৰ্গত ধনশিৰিৰ ৰাজু ঘাটোৱাৰ আৰু কৃষ্ণ ওৰাং ৷ ডিলাই হাটোকাজানৰ লোকাছ কাংগাৰি আৰু খটখটীৰ ৰবাৰ্ট হাৰু ।
আৰক্ষীয়ে এতিয়ালৈকে স্পষ্ট কৰা নাই কি কাৰণত এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ দলটো সীমান্তইদি অসমত প্ৰৱেশ কৰিছিল ৷