ক্লিনিকেল ট্ৰায়েলৰ অনুমোদন লাভ কৰিলে ৰিলায়েন্সৰ ক’ভিড প্ৰতিষেধক

zyesami 4

কৰ’নাৰ প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থাৰ তালিকাত অন্তৰ্ভুক্ত হ’ল মুকেশ অম্বানিৰ ৰিলায়েন্স । ক্লিনিকেল ট্ৰায়েলৰ বাবে বৃহস্পতিবাৰে ৰিলায়েন্স লাইফ ছায়েন্স (আৰ এল এছ)ক অনুমোদন দিছে দেশৰ ড্ৰাগ নিয়ন্ত্ৰক সংস্থা ।

বিগত বৰ্ষতে ৰিলায়েন্সে প্ৰতিষেধক সন্দৰ্ভত পৰীক্ষণ আৰম্ভ কৰিছিল । অক্টোবৰত প্ৰি ক্লিনিকেল ট্ৰায়েলো হৈছিল । ট্ৰায়েলত আশানুৰূপ ফল লাভ কৰাত তেওঁলোকে দেশৰ ড্ৰাগ নিয়ন্ত্ৰক সংস্থাক ক্লিনিকেল ট্ৰায়েলৰ বাবে আবেদন জনায় । বিশেষজ্ঞ কমিটিয়ে প্ৰতিষেধৰ সকলো দিশ পৰ্যবেক্ষণ কৰিয়ে ক্লিনিকেল ট্ৰায়েলৰ বাবে অনুমোদন দিছে ।

সূত্ৰ অনুসৰি, আগন্তুক কিছু দিনৰ ভিতৰতে আৰ‌এল‌এছৰ দুটা প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব । এই প্ৰতিষেধক কিমান নিৰাপদ, কিমান প্ৰতিৰোধ ক্ষমতা তৈয়াৰ কৰে সেয়া পৰ্যবেক্ষণ কৰিবৰ বাবে প্ৰথম পৰ্যায়ৰ ট্ৰায়েলত অল্পসংখ্যক প্ৰাপ্তবয়স্কক বাচি লোৱা হৈছে । এই পৰ্যায়ত সুফল পালে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অধিকসংখ্যক লোকৰ ওপৰত প্ৰতিষেধকৰ প্ৰয়োগ কৰা হ’ব । নৱি মুম্বাইত আৰ‌এল‌এছৰ প্লাণ্টত তৈয়াৰ কৰা হৈছে এই টিকা । সূত্ৰ অনুযায়ী, ২০২২ৰ মাৰ্চৰ ভিতৰতে আৰ‌এল‌এছে প্ৰস্তুত কৰা টিকা উপলব্ধ হ’ব ।

Exit mobile version