ভ্ৰাম্যমাণ থিয়েটাৰৰ কন্ঠ শিল্পী বিনোদ ডেকাৰ জীৱন সংগ্ৰাম

বজাৰে-বজাৰে পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ শিল্পীগৰাকীৰ, শিল্পী পেঞ্চনৰ দাবী ৰাইজৰ

WhatsApp Image 2021 08 27 at 4.51.56 PM

এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শকৰ মাজত এটি চিনাকী নাম বিনোদ ডেকা । নেপথ্যৰ পৰা সংগীত পৰিবেশন কৰি প্ৰেক্ষাগৃহ গিজগিজাই থকা দৰ্শকক মনোৰঞ্জন দি অহা শিল্পীগৰাকীৰ চেহেৰা অপৰিচিত হ’লেও নেম কাষ্টিঙত দৰ্শকৰ বাবে চিনাকী নাম বিনোদ ডেকা ৷ বাগসাৰ কাষৰীয়া বজালীৰ কৰ্দৈগুৰি গাঁৱৰ বাসিন্দা এইগৰাকী শিল্পীৰ কণ্ঠ সম্প্ৰতি ভ্ৰাম্যমাণত শুনিবলৈ পোৱা নাযায় যদিও বজালী আৰু বাগসা জিলাৰ বিভিন্ন বজাৰত অন্য এক ৰূপত দেখিবলৈ পোৱা যায় বিনোদ ডেকাক ৷

শিল্পী হিচাপে নহয় এজন পাচলি বিক্ৰী কৰা লোক হিচাপে তেওঁক দেখিবলৈ পোৱা যায় ইখনৰ পাছত সিখন বজাৰত ৷ জীৱন জীৱিকাৰ তাড়নাত তেওঁ ঘৰতে নেমু, জিকা, কোমোৰা আদি পাচলি উৎপাদন কৰি বজাৰে-বজাৰে সেইবোৰ বিক্ৰী কৰি ফুৰে ৷

উল্লেখ্য যে বিনোদ ডেকাই ১৯৮৩-৮৪ৰ নাট্য বৰ্ষত অনিৰ্বাণ থিয়েটাৰৰ কন্ঠ শিল্পী হিচাপে ভ্ৰাম্যমাণ থিয়েটাৰত আত্ম প্ৰকাশ কৰিছিল । ইয়াৰ পাছত তেওঁ একাদিক্ৰমে আৰাধনা থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, অপ্সৰা থিয়েটাৰ, মনালিছা থিয়েটাৰ, মুকুন্দ থিয়েটাৰ, নটৰাজ থিয়েটাৰ, ইন্দ্ৰজিৎ থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰকে ধৰি অসমৰ প্ৰায় কেইটা ভ্ৰাম্যমাণ নাট্য দলত ২৫ বছৰ ধৰি কন্ঠ শিল্পী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তদুপৰি এই শিল্পীগৰাকীয়ে সেই সময়ছোৱাতে মনালিছা, মুকুন্দ আৰু নটৰাজ থিয়েটাৰত সংগীত পৰিচালকৰ দায়িত্বও বহন কৰিছিল ।

সংসাৰৰ বিভিন্ন ঘাট-প্ৰতিঘাট তথা আৰ্থিক অনাটনে জুৰুলা কৰা বিনোদ ডেকাই অৱশেষত ২০০৮ত ভ্ৰাম্যমাণ থিয়েটাৰ বাদ দিবলৈ বাধ্য হয় যদিও এতিয়াও কিন্তু সংগীত সাধনা অব্যাহত ৰাখিছে । ২০০৮ৰ পৰা তেওঁ অসমৰ বিভিন্ন মঞ্চৰ লগতে অপেছাদাৰী নাট্যদল, সংগীতানুস্থানত সংগীত পৰিবেশন কৰাৰ উপৰিও সংগীত পৰিচালনা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল । কিন্তু কৰ’না পৰিস্থিতিৰ বাবে শিল্পীগৰাকীৰ সকলো উপাৰ্জনৰ পথ যেন এতিয়া বন্ধ ।

সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ চাকৰিৰ মোহ ত্যাগ কৰি ভ্ৰাম্যমাণ থিয়েটাৰকে জীৱন ধাৰণৰ উপায় হিচাপে সংকল্প লোৱা শিল্পীগৰাকীৰ সংগীতৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে স্কুলীয়া জীৱনৰ পৰা সংগীত সাধনা কৰি আজিও অব্যাহত ৰাখিছে। তেওঁ ভ্ৰাম্যমাণত আত্মপ্ৰকাশৰ আগতে বিভিন্ন যাত্ৰা পাৰ্টিৰ লগতো জড়িত আছিল । বাগসাৰ শালবাৰীৰ আনন্দবজাৰ ৰামধেনু নাট্যগোষ্ঠী, সাউদৰভিঠা নাট্য সমাজ আৰু কৰ্দ্দৈগুৰিৰ শ্ৰী শংকৰ নাট্য সমাজ নাট্য দলৰ লগত জড়িত হৈ ৮০ দহকৰ পৰা সংগীত পৰিচালনাৰ লগতে কন্ঠদান কৰি আহিছে। উক্ত যাত্ৰা পাৰ্টীকেইটা সময়ৰ তাগিদাত বন্ধ হৈ যায় যদিও কৰ্দ্দৈগুৰিৰ নাট্যদলটো পুনৰ গঠনত এই শিল্পীগৰাকীয়েও উদ্যোগ লয়।

ইতিমধ্যে এই নাট্যদলটিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় । বিনোদ ডেকাৰ শিল্পী প্ৰতিভা শলাগিবলগীয়া । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংগীত পৰিবেশন কৰি সংগীত প্ৰেমীসকলৰ মাজত পৰিচিত হৈ পৰিছিল বিনোদ ডেকা ৷ তেওঁ ১৯৯৫ত অনুৰাগ নামৰ আধুনিক গীতৰ কেছেটত কন্ঠদান কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু আজিৰ দিনত এই প্ৰতিভাশীল শিল্পীগৰাকীয়ে বজাৰে-বজাৰে পাচলি বিক্ৰী কৰি জীৱন জীৱিকাৰ পথ মোকোলাই আহিব লগা হৈছে ।

এই শিল্পীগৰাকীয়ে চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন পোৱাটো স্থানীয় লোকসকলে মনেপ্ৰাণে বিচাৰিছে ৷

Exit mobile version