গোসাঁইগাঁৱৰ তেলিপাৰাত ২৫ বছৰ ধৰি বিকল জনস্বাস্হ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি

নতুনকৈ আৰম্ভ জনজীৱন আঁচনি ৰূপায়নতো চলিছে খেলিমেলি

জনস্বাস্হ্য কাৰিকৰী বিভাগৰ গোসাঁইগাঁও উপ সংমণ্ডলৰ অধীনস্ত তেলীপাৰা পানী যোগান আঁচনিৰ পৰা আজি পৰ্যন্ত এটোপাল বিশুদ্ধ পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।

তিলিপাৰৰ ৰাইজক বিশুদ্ধ পানী যোগান ধৰাৰ বাবে বিভাগটোৱে দুইদশক পূৰ্বে লাখ লাখ টকা ব্যায় কৰি ইয়াত এখন আঁচনি নিৰ্মাণ কৰে যদিও এইখন আঁচনিৰ পৰা পানী যোগান ধৰাটো সম্ভব নোহোৱাত ইয়াৰ ৰাইজে বিশুদ্ধ পানী সেৱনৰ পৰা বঞ্চিত হৈছে।

পুৰনি আঁচনিবোৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ পাছত একেখন ঠাইত নতুনকৈ জলজীৱন আঁচনিৰ কাম হাতত লোৱা হৈছে যদিও এইখন আঁচনি লৈও দেখা দিছে যথেষ্ট খেলিমেলি।

উক্ত আঁচনি নিৰ্মাণৰ বাবে ইতিমধ্যে দুগৰাকী ঠিকাদাৰ আধা কাম কৰি আঁতৰি যোৱাৰ পাছত তৃতীয় এগৰাকী ঠিকাদাৰে বৰ্তমানে অৱশিষ্ট কাম কৰি আছে যদিও কাম সমূহ অতি নিন্মমানৰ হোৱা বুলি স্হানীয় সচেতন ৰাইজে অভিযোগ কৰিছে।

এনেকৈ চলি থাকিলে পূৰ্বৰ আঁচনি সমূহৰ দৰে জলজীৱন আঁচনিটোও বিফল হ’ব বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে। সঠিক সময়ত জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে দাবী জনাইছে তেলীপাৰা বাসী ৰাইজে।

Exit mobile version