শিশুৰ দ্বাৰা জামুগুৰিহাটত দিন ভাওনা উদযাপন

শতাধিক বছৰ ধৰি মাধৱদেৱৰ তিৰোভাৱ তিথিৰ দিনা শিশুৰ দ্বাৰা জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁওত উদযাপন কৰি অহা দিন ভাওনা এই বেলিও উদযাপন কৰা হয়।

বিগত বৰ্ষত কৰ’না মহামাৰীৰ পৰিপেক্ষিতত এই ভাওনা অনুষ্ঠিত কৰিব পৰা ন’গল যদিও এইবেলি ক’ভিড বিধি পালন কৰি সীমিত পৰিসৰৰ মাজত শুকুৰবাৰে মাধৱদেৱৰ তিৰোভাৱ তিথিৰ দিনা বিয়লিৰ ভাগত গাঁওখনত এইদৰে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ বিৰচিত ‘অজুন ভৰ্জন’ নাটভাগ মঞ্চস্থ হয়।

গায়ন,বায়ন,সূত্ৰকে আদি কৰি সমগ্ৰ ভাওনা ভাগ শিশু সকলৰ দ্বাৰাই মঞ্চস্হ হোৱাটো ভাওনাখনৰ অন্যতম বৈশিষ্ট। সমগ্ৰ অসমৰ ভিতৰতে দিনৰ ভাগত অনুষ্ঠিত হোৱা এই একমাত্ৰ দিনভাওনাক লৈ জামুগুৰিহাটতো এক উখল মাখল পৰিবেশে বিৰাজ কৰে।

Exit mobile version