গুৱাহাটীত আৰক্ষীৰ যৌথ অভিযানত ২.৭৯ গ্ৰাম হেৰ’ইনসহ ৰাইফল-ম’বাইল জব্দ

fa1f4a5e 9759 4de3 a419 1d3e23fe2723

কালি নিশা চেন্ট্রেল গুৱাহাটি জিলা আৰক্ষীয়ে চান্দমাৰী আৰক্ষী, নুনমাটি আৰক্ষী আৰু এ‌ছঅ’জিসহ এটি যৌথ অভিযান কৰে ।

যৌথ অভিযানত পূৱ ছৰনিয়াত চাৰিজন ড্ৰাগ ব্যৱসায়ী আটক কৰা হয় । ধৃত ড্ৰাগ ব্যৱসায়ীকেইজন হৈছে ক্ৰমে চান্দমাৰী আৰক্ষী থানাৰ অধীনস্থ পূৱ ছৰনিয়াৰ প্ৰয়াত মণ্টু আলীৰ পুত্ৰ জনী আলী (২৮), নুনমাটি আৰক্ষী থানাৰ অন্তৰ্গত কৈলাশপুৰৰ আব্দুল জলিলৰ পুত্ৰ অল্টাভ উদ্দিন লস্কৰ (২৭), চান্দমাৰী আৰক্ষী থানাৰ অধীনস্থ শাস্ত্ৰী পথৰ ভীম বাহাদুৰ চেত্ৰীৰ পুত্ৰ অশোক চেত্ৰী (২৫), পানবজাৰ আৰক্ষী থানাৰ অধীনস্থ গোপাল ৰোড বাইলেন ১ৰ দিকু দাসৰ পুত্ৰ ৰাহুল দাস (২৬) ।

অভিযানকাৰী দলটোৱে ব্যৱসায়ীকেইজনৰ পৰা দুটা প্লাষ্টিকৰ চিচিত ২.৭৯ গ্রাম হেৰ’ইন, দুটা এয়াৰ ৰাইফল আৰু সাতটা ম’বাইল জব্দ কৰে ।

উদ্ধাৰকৃত সামগ্রীসমূহ প্রক্রিয়া অনুযায়ী জব্দ কৰা হৈছে আৰু ৫৭১/২০২১ ইউ/এছ ২১(ক)/২৯ এনডিপিএছ ধাৰাত চান্দমাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে ।

Exit mobile version