আলোকঝাৰী মহামায়া মন্দিৰলৈ যোৱা মূল পথ খহনীয়াৰ কবলত

WhatsApp Image 2021 08 29 at 5.59.51 PM

আলোকঝাৰী মহামায়া মন্দিৰলৈ যোৱা মূল পথটো বৰ্তমান খহনীয়াৰ কৱলত। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কুমাৰগঞ্জস্থিত ডি কে ৰোডৰ পৰা আলোকঝাৰী মহামায়া মন্দিৰলৈ যোৱা একমাত্ৰ পথছোৱাৰ ওচৰেদি বৈ গৈছে গদাধৰ নদী।

প্ৰতি বছৰে গদাধৰ নদীৰ খহনীয়াত বিলীন হয় শ শ বিঘা খেতি মাটি। চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰি ৰূপায়ণ কৰে যদিও আজিলৈকে গদাধৰ নদীৰ দীৰ্ঘদিনীয়া খহনীয়াৰ সমস্যাটো আজিলৈকে সমাধান নকৰিলে।

যাৰ বাবে ভূমিহীন হৈছে বহুতো পৰিয়াল, ফলত যমৰ যাতনা ভুগিছে নৈপৰীয়া ৰাইজে। ঐতিহ্যমণ্ডিত আলোকঝাৰী মহামায়া ধামৰ চাৰিওফালে আবৰি আছৈ গদাধৰ নদী।

অতি সোনকালে যদি খহনীয়া প্ৰতিৰোধ কৰা নহয় তেন্তে মহামায়া ধামলৈ যোৱা মূল পথটো নদীৰ মাজত বিলীন হ’ব। যাৰ বাবে আলোকঝাৰী মহামায়া মন্দিৰৰ লগত জড়িত কমিটিৰ বিষয়ববীয়াসকল শংকিত হৈ পৰিছে।

কিয়নো শ্ৰী শ্ৰী মা মহামায়াৰ পদিকা ধামত প্ৰতি বছৰৰ ব’হাগ মাহৰ সাত তাৰিখৰ পৰা এক সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় পূজা অৰ্চনা আৰু মেলা।

মা মহামায়া মন্দিৰত পূজা অৰ্চনা দিবলৈ পশ্চিম বংগ, ভূটান নেপাল তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে অগণন ভক্ত। আনকি মা মহামায়া ধামৰ তিনি হেক্টৰ মাটিত ইতিমধ্যে অসম দৰ্শনৰ অধিনত মনিষী সাহিত্য উপবনৰ কাম অসম চৰকাৰে কৰি আছে।

উক্ত পথটোৱেদি মনৰ কামনা পূৰনাৰ্থে মন্দিৰলৈ যায় হেজাৰ হেজাৰ লোক। নদীখন যিহেতু পথটোৰ একেবাৰে ওচৰ পাইছেহি তেনেস্থলত মূল পথটো যদি ভাঙি যায় তেনেহ’লে মন্দিৰলৈ যোৱাত বাৰুকৈ অসুবিধা হ’ব। গতিকে অতি সোনকালে খহনীয়া প্ৰতিৰোধ কৰিবলৈ পূজা কমিটিৰ বিষয়ববীয়াই ‌চৰকাৰৰ ওচৰত দাবী জনাইছে।

Exit mobile version