ই শ্ৰমঃ অসংগঠিত ক্ষেত্ৰৰ কৰ্মচাৰীৰ বাবে বিশেষ প’ৰ্টেল

e shram 640

অসংগঠিত খণ্ডত কাম কৰাসকলৰ নাম-ঠিকনাৰ পৰা আৰম্ভ কৰি বিভিন্ন তথ্য মজুত কৰি ৰখাৰ উদ্দেশ্যে শেহতীয়াকৈ কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ই-শ্ৰম নামেৰে এক বিশেষ প’ৰ্টেল মুকলি কৰিছে । নিৰ্মাণ প্ৰকল্পৰ শ্ৰমিক, প্ৰব্ৰজনকাৰী শ্ৰমিক, পদপথৰ বিক্ৰেতা, গৃহ সহায়িকাকে ধৰি খণ্ডটোৰ ৩৮ কোটি কৰ্মচাৰীৰ তথ্য এই প’ৰ্টেলত পৰ্যায়ক্ৰমে পঞ্জীয়ন কৰা হ’ব । এই ই-শ্ৰম প’ৰ্টেলত নাম থকা প্ৰতিজনৰ বাবে মোদী চৰকাৰে দুই লাখ টকাৰ দুৰ্ঘটনা বীমা মঞ্জুৰ কৰিছে ।

চৰকাৰী সূত্রত প্ৰকাশ পাইছে যে, ই-শ্ৰম প’ৰ্টেলত পঞ্জীয়ন কৰা যিকোনো ব্যক্তিয়ে দুৰ্ঘটনাত আক্ৰান্ত হ’লে বীমাৰ সুবিধা লাভ কৰিব । এনে ব্যক্তিৰ দুৰ্ঘটনাত মৃত্যু ঘটিলে বা সম্পূৰ্ণৰূপে অক্ষম হৈ পৰিলে দুই লাখ টকাৰ আৰু আংশিকভাৱে এক লাখ টকাৰ বীমা প্ৰদান কৰা হ’ব ।

ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ ১৪৪৩৪ত ফোন কৰি ইচ্ছুক ব্যক্তিয়ে পঞ্জীয়ন সম্পৰ্কে প্ৰয়োজনীয় অনুসন্ধান প্ৰাপ্ত কৰিব পাৰিব । পঞ্জীয়নৰ পাছত এনে ব্ৰুক্তিক কেন্দ্ৰৰ তৰফৰ পৰা দিয়া হ’ব ই-শ্ৰম কাৰ্ড । আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ তথ্য‌ও ই-শ্ৰমত নথিভুক্ত কৰিব লাগিব শ্ৰমিকসকলে । লগতে তেওঁ কোনটো সামাজিক শ্ৰেণীৰ অন্তৰ্গত, তেওঁৰ জন্মৰ তাৰিখ, বাসস্থান আদিৰ বিষয়েও সম্পূৰ্ণ শুদ্ধ তথ্য জমা দিব লাগিব প’ৰ্টেলত ।

উল্লেখ্য যে ই-শ্ৰম প’ৰ্টেলৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে । চৰকাৰে দাবী কৰা মতে, প’ৰ্টেলটোৱে ৰাজ্য আৰু কেন্দ্ৰৰ বিভিন্ন সমাজ কল্যাণ আঁচনিৰ লাভালাভ অসংগঠিত খণ্ডৰ শ্ৰমিকৰ দুৱাৰমুখলৈ লৈ যোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব ।

Exit mobile version