চিৰাঙৰ বিজনীত সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ সভাপতি উৎপল দেৰ প্ৰতিক্ৰিয়া

Screenshot 77 1

কালি শিৱসাগৰত এজন বঙালী লোকক ৪৮ ঘন্টাৰ সময় বান্ধি দি যি ভাবুকি প্ৰদান কৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃঙ্খল চলিহাই তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ সভাপতি উৎপল দে‌ই । তেওঁ উক্ত ঘটনাক গৰিহণা দি কয় যে, বৰ অসমত সকলো জাতি জনগোষ্ঠীৰ লোক থাকিব । গতিকে এনে ঘটনাই তাত ব্যাঘাত জন্মাব । যিহেতু এই ঘটনা আদালতত বিচৰাধীন । এনে পৰিস্থিতিত চলিহাই যিদৰে ধমক দিলে এয়া অসম নে আফগানিস্তান তাত সন্দেহ উপজিছে ।

বীৰৰ নাম লৈ সংগঠন খুলি দাবী ধমকিৰে চান্দা সংগ্ৰহ কৰে সেয়া কোন ধৰণৰ কথা বুলি উৎপল দেই প্ৰশ্ন কৰে । গতিকে এই ক্ষেত্ৰত অসম আৰক্ষীয়ে তৎকালিন ব্যৱস্থা লোৱাৰ দাবী জনায় নেতাজনে । মুকলিভাৱে অন কেমেৰাত ধমকি দিয়াৰ পাছতো আৰক্ষীয়ে কিয় ব্যৱস্থা নকৰে বুলি প্ৰশ্ন কৰে ।

হাউৰা ৰেল ষ্টেচনত বহু অসমীয়া লোকৰ দোকান আছে তাত যদি আক্ৰমণৰ ঘটনা সংঘটিত হয় তাৰ দ্বায়িত্ব শৃঙ্খল চলিহাই ল’ব নেকি বুলিও সভাপতিজনে প্ৰশ্ন কৰে । দেশৰ আইন থকাৰ পাছতো যিদৰে ধমকি দিয়ে সেয়া জানো গ্ৰহণযোগ্য ?

চলিহা বিভিন্ন কেলেংকাৰীৰ স’তে জড়িত বুলি অভিযোগ কৰি কয়, ‘খিলঞ্জিয়াৰ চাৰ্টিফিকেট দিবলৈ তেওঁ কোন ? আমি নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পাছতো যদি এনেধৰণৰ আচৰণ কৰে আমি ৯০ লাখ বঙালীয়ে কেনেদৰে অসমীয়া বুলি পৰিচয় দিম । অসমীয়া বুদ্ধিজীৱি আপোনালোকেও প্ৰতিক্ৰিয়া দিয়ক কাৰণ এনে হৈ থাকিলে হয়তো আমি অসমীয়া বুলি পৰিচয় দিয়াৰ পাছতো যদিহে গ্ৰহণ নকৰে আমিয়ো ভাবিবলৈ বাধ্য হ’ম অসমীয়া গামোচাখনৰ বিষয়ে । বহুত হ’ল আমি অসমীয়া বুলি পৰিচয় দিয়া । এতিয়া আপোনালোকে পৰিচয় দিয়াৰ সময় আপোনালোকে আমাক অসমীয়া বুলি নাভাবিলে আমি নিজৰ ব্যৱস্থা ল’ম ।’ আফগানিস্তানৰ আইন ইয়াত চলিবলৈ দিয়া নহ’ব বুলিও কয় উৎপল দেই।

Exit mobile version