প্রয়োজনত অন্য দেশত সোমাই সন্ত্ৰাস সমাপ্ত কৰিম ! নাম উচ্চাৰণ নকৰাকৈ পাকিস্তানক সকীয়নি প্ৰতিৰক্ষামন্ত্ৰীৰ

bl RajnathSingh

সন্ত্রাসবাদক কোনো কাৰণতে প্রশ্রয় দিয়া নহ’ব । প্রয়োজন হ’লে অন্য দেশত সোমাই সন্ত্ৰাস সমাপ্ত কৰিব ভাৰতে । দেওবাৰে তামিলনাডুৰ ৱেলিংটনত ডিফেন্স ছার্ভিচ ষ্টাফ কলেজৰ এখন অনুষ্ঠানত সতৰ্কবাণী দিলে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে । স্পষ্টভাৱে নাম উচ্চাৰণ নকৰিলেও তেওঁ পাকিস্তানকেই এই হুংকাৰ দিছে বুলি কূটনৈতিক মহলৰ একাংশৰ ধাৰণা । বর্তমান আফগানিস্তান পৰিস্থিতিৰ পৰিপ্রেক্ষিতত যিকোনো মন্তব্য যথেষ্ট ‘তাৎপর্যপূর্ণ’ ।

প্ৰতিৰক্ষামন্ত্ৰী সিঙে কয়, “দুবাৰ যুদ্ধ‌ত পৰাজিত হৈছে । তাৰ পাছতো এখন প্রতিবেশী দেশে শীতলযুদ্ধ কৰি আছে । সন্ত্ৰাসবাদীসকলক প্রশিক্ষণ দি, অর্থ সাহায্য কৰি ভাৰতক বাৰে বাৰে লক্ষ্য কৰিছে এই প্রতিবেশী দেশখনে । সন্ত্রাস যেন তেওঁলোকৰ ৰাষ্ট্রনীতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে ।”

প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে জনায়, সন্ত্রাসবাদক দেশৰ পৰা সমূলি উৎখাত কৰাৰ কাম আৰম্ভ হৈছে । দেশৰ নিৰাপত্তাত কো‌নো কাৰণতে আপোচ কৰা নহ’ব । ভাৰতত সন্ত্রাস প্ৰচাৰ কৰি কোনোৱে যদি শান্তি বিঘ্নিত কৰাৰ চেষ্টা কৰে, তেওঁলোকক ক্ষমা কৰা নহ’ব বুলিও সকীয়নি দিছে মন্ত্ৰী সিঙে । ইয়াৰ পাছতেই প্রতিৰক্ষামন্ত্রীৰ মন্তব্য, “প্রয়োজনত অন্য দেশত সোমাই সন্ত্ৰাস সমাপ্ত কৰিম ।” সন্ত্রাসবাদ প্রসংগত বালাকোটত ছার্জিকেল ষ্ট্ৰাইকৰ উদাহৰণো দাঙি ধৰে মন্ত্ৰীজনে ।

Exit mobile version