আফগান মহিলাসকলে বিশ্ববিদ্যালয়ত পঢ়িব পাৰিব, কিন্তু ল’ৰা-ছোৱালী একলগে পঢ়া নিষিদ্ধ : তালিবান

afg hedp blog 07nov2018 1

মহিলাসকলক বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰাৰ অনুমতি দিয়া হ’ব; কিন্তু কোনো পৰিস্থিতিতে ল’ৰা-ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব । স্পষ্টভাৱে জনালে আফগানিস্তানৰ তালিবানি শাসনৰ ভাৰপ্রাপ্ত শিক্ষামন্ত্রী আব্দুল বাকি হক্কানিয়ে । দেওবাৰে ৰাজধানী চহৰ কাবুলৰ এখন বিশ্ববিদ্যালয়ৰ কেইজনমান অধ্যাপক আৰু শিক্ষাৰ্থীৰ স’তে বৈঠকৰ পাছতে তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে ।

হক্কানিয়ে কয়, ‘‘আফগানসকলে উচ্চ শিক্ষা অৱশ্যেই গ্ৰহণ কৰিব পাৰিব । কিন্তু শ্বৰিয়তি আইন মানিয়ে । ল’ৰা আৰু ছোৱালীয়ে একেলগে পঢ়া-শুনা কৰিব নোৱাৰিব ।’’ তেওঁ লগতে কয়, ‘‘ইছলাম আৰু ৰাষ্ট্রৰ ঐতিহ্য, সংস্কৃতি মানি নতুন এখন সমাজ ব্যৱস্থা গঢ়ি তোলা হ’ব ।’’

চলিত মাহৰ মাজভাগত কাবুল দখলৰ পাছত হেৰাট প্রদেশত প্রথম ফতোৱা জাৰি কৰি স্থানীয় তালিবানি প্রশাসনে জনায়, চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ল’ৰা-ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব । হেৰাট প্রদেশৰ চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয়সহ সকলো শিক্ষাপ্রতিষ্ঠানৰ অধ্যাপকসকলৰ স’তে তিনঘণ্টাজুৰা বৈঠকৰ পাছত তালিবান নেতা মোল্লা ফৰিদে কয়, ‘‘সমাজত পচন ধৰাৰ মূল হৈছে ল’ৰা-ছোৱালীৰ একেলগে শিক্ষা গ্ৰহণ । বিকল্প কোনো পথেই নাই । ল’ৰা-ছোৱালীৰ একেলগে শিক্ষা গ্ৰহণ বন্ধ কৰিব লাগিব । মহিলা অধ্যাপসকলে কেৱল ছোৱালীকে পঢ়াব পাৰিব ।’’

২০০১ত তালিবানি শাসনৰ প্রথম পর্ব শেষ হোৱাৰ পাছত বিগত দুই দশক ধৰি আফগানিস্তানত ল’ৰা-ছোৱালীৰ একেলগে পঢ়া-শুনা বা ‘ক’এডুকেচন’ শিক্ষানীতি চলি আছিল সকলো শিক্ষাপ্রতিষ্ঠানত । আফগানিস্তানত তালিবান-ৰাজ ঘূৰি অহাৰ পাছতেই পুনৰ পুৰণা নীতি-নিয়ম আৰম্ভ হৈছে । তালিবান নেতৃত্বৰ এই সিদ্ধান্তৰ ফলত চৰকাৰী শিক্ষাপ্রতিষ্ঠানবোৰৰ বিশেষ সমস্যা নহ’লেও, বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ সমস্যাত পৰিব বুলি মত প্ৰকাশ কৰিছে দেশৰ শিক্ষাবিদসকলে ।

Exit mobile version