গ্ৰন্থ লিখি দক্ষিণ আফ্ৰিকাত বঁটা লাভ অসমৰ শিশুৰ

Screenshot 135

দক্ষিণ আফ্ৰিকাৰ কুউৰো একাডেমী প্ৰিটোৰিয়াৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী সমৃদ্ধি গোহাঁইৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘3 Epic Adventures’ৰ বাবে ২০২১ৰ দক্ষিণ আফ্ৰিকাৰ মহীয়সী মহিলা শাৰ্লট মাক্সেকেৰ সোঁৱৰণত প্ৰদান কৰা বঁটা লাভ কৰিছে । উল্লেখ্য যে সমাজত বিভিন্ন শিতানত প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা মহিলাসকলক এই বঁটাৰ বাবে দেশখনে নিৰ্বাচিত কৰি উৎসাহিত কৰি আহিছে ।

দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ মন্ত্ৰী লিনড্ৰিউ জুলু, উইটৱাটাৰছেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জুবিন ডালমিনকে ধৰি বহুকেইগৰাকী বিশিষ্ট মহিলাই ২০২১ৰ এই বঁটা লাভ কৰিছে । চিএম‌এম‌আই আৰু ডিএছ‌এচিৰ যৌথ সহযোগত জোহান্সবাৰ্গৰ এখন অভিলাষী হোটেলত অনুষ্ঠিত এক অনুষ্ঠানত দক্ষিণ আফ্ৰিকাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীৰ উপস্থিতিত শাৰ্লট মাক্সেকে বঁটাসমূহ প্ৰদান কৰা হয় ।

উল্লেখ্য যে ২০২১ বৰ্ষত দক্ষিণ আফ্ৰিকাৰ চৰকাৰে শাৰ্লট মাক্সেকে বৰ্ষ হিচাপে উদযাপন কৰিছে । অসমৰ পানীতোলাৰ তথা পিতৃৰ কৰ্ম সূত্ৰে দক্ষিণ আফ্ৰিকাত থকা সমৃদ্ধিয়ে ১০ বছৰ বয়সতে লেখি উলিওৱা কল্যাণমূলক তিনিটা কাহিনীৰ ‘3 Epic Adventures’ নামৰ কিতাপখন ইতিমধ্যে Amazon.com ত উপলব্ধ হৈছে ।

কিতাপখন পঢ়ুৱৈক বিক্ৰী কৰি অৰ্জন কৰা কিছু টকা ইতিমধ্যে সমৃদ্ধিৰ ইচ্ছা অনুসৰি এখন ‘অনাথ আশ্ৰম’লৈ বৰঙনি আগবঢ়োৱা হৈছে । উল্লেখযোগ্য যে সমৃদ্ধি গোহাঁইৰ পিতৃ ড° মুকুট গোহাঁই দক্ষিণ আফ্ৰিকাৰ প্ৰতিষ্ঠিত ঔদ্যোগিক প্ৰতিষ্ঠানৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ মুৰব্বী তথা মুখ্য বিজ্ঞানী হিচাপে কৰ্মৰত । আনহাতে, সমৃদ্ধিৰ মাতৃ সংগীতা বৰুৱা গোঁহাইও মেডিকেল প্ৰ’চেছ টেকনোল’জিৰ বিজ্ঞানী হিচাপে কৰ্মত নিয়োজিত হৈ আছে ।

Exit mobile version