মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশ্ন আন্নাৰঃ পানশালা খুলিব পাৰি যদি মন্দিৰ নোৱাৰি কিয় ?

anna 944477 1611849167

প্ৰবীণ গান্ধীবাদী নেতা তথা সামাজিক কৰ্মী আন্না হাজাৰেয়ে মহাৰাষ্ট্ৰত চৰকাৰে ক’ভিড পৰিস্থিতিত বৰ্তমানলৈকে মন্দিৰ বন্ধ ৰখাক লৈ প্ৰশ্ন উত্থাপন কৰিলে ।

আন্নাই কয় যে, মন্দিৰ খোলাৰ দাবীৰে যদিহে কোনোবাই আন্দোলন কৰে, তেন্তে এই আন্দোলনলৈ তেওঁ সম্পূৰ্ণ সমৰ্থন আগবঢ়াব । আহমদ নগৰৰ ৰালেগন সিদ্ধি গাঁৱৰ সাংবাদিকৰ আগত আন্নাই কয় যে মহাৰাষ্ট্ৰত যদিহে চৰকাৰে পানশালাসমূহ খোলা ৰাখিবলৈ অনুমতি দিব পাৰে, তেন্তে মন্দিৰ খোলাৰ বাবে কিয় অনুমতি দিব নোৱাৰে ?

৮৪ বছৰীয়া গান্ধীবাদী নেতাজনে লগতে কয় যে যদিহে ক’ভিড-১৯ৰ সংক্ৰমণৰ শংকাতে চৰকাৰে মন্দিৰসমূহ বন্ধ ৰাখিছে, তেন্তে সুৰাৰ বিপনী আৰু পানশালা খুলি মানুহক ভিৰ কৰিবলৈ অনুমতি দিছে কিয় ? মহাৰাষ্ট্ৰ চৰকাৰক শীঘ্ৰে মন্দিৰসমূহ খোলাৰ বাবে অনুমতি দিবলৈকো আন্নাই দাবী জনায় ।

Exit mobile version