কাবুল বিমানবন্দৰ ত্যাগ কৰাৰ পূৰ্বে ৭৩টা কপ্টাৰ নিষ্ক্রিয় কৰিলে আমেৰিকাৰ সেনাই

Britishsoldiers

‘ভুল’ৰ পুনৰাবৃত্তি কৰিব নিবিচাৰে । সেয়ে আফগানভূমি ত্যাগ কৰাৰ পূৰ্বে কাবুল বিমানবন্দৰত তেওঁলোকৰ হেলিকপ্টাৰ আৰু বিমানবোৰ নিষ্ক্রিয় কৰিলে আমেৰিকা বাহিনীয়ে ।

চেন্ট্রেল কমাণ্ড হেড্ জেনেৰেল কেনেথ মেকেঞ্জিয়ে জনায়, হামিদ কাৰ্জাই আন্তর্জাতিক বিমানবন্দৰত তেওঁলোকৰ ৭৩টা সেনা কপ্টাৰ আৰু বিমানক নিষ্ক্ৰিয় কৰা হৈছে । তেওঁ কয়, “বিমান আৰু কপ্টাৰবোৰ উৰিব পৰা অৱস্থাত নাই। কোনো কাৰণতে সেগুসমূহ পুনৰ আৰম্ভ কৰিব পৰা নাযব ।”

কাবুল বিমানবন্দৰ হস্তক্ষেপ কৰি নাগৰিকসকলৰ উদ্ধাৰকাৰ্য চলাইছিল আমেৰিকাৰ সেনাই । কিন্তু ইয়াৰ মাজতেই তালিবানে সকীয়নি দিয়ে, ৩১ আগষ্টৰ ভিতৰতে উদ্ধাৰকাৰ্য সমাপ্ত কৰি আফগানিস্তান ত্যাগ কৰিব লাগিব আমেৰিকা বাহিনীয়ে । সোমবাৰে গভীৰ নিশা কাবুল বিমানবন্দৰ ত্যাগ কৰে আমেৰিকাই ।

আফগানিস্তানৰ অঞ্চলসমূহ তালিবানে দখল কৰি থকাৰ সময়ত, আফগান বাহিনীক দিয়া আমেৰিকাৰ অত্যাধুনিক অস্ত্র, যুদ্ধ গাড়িসহ বিপুল অস্ত্রভাণ্ডাৰ তালিবানৰ দখলত গুচি যায় । এই বিপুল পৰিমাণৰ অস্ত্র তালিবানৰ হাতত অহাত উদ্বেগ প্রকাশ কৰে আন্তর্জাতিক মহলে । কিন্তু সেই ‘ভুলৰ’ পুনৰাবৃত্তি যাতে নহয়, সেয়ে এইবাৰ সম্পূৰ্ণভাৱে আফগানিস্তান ত্যাগ কৰাৰ আগতে কাবুল বিমানবন্দৰৰ ৭৩টা সেনা কপ্টাৰ আৰু বিমান নিষ্ক্রিয় কৰি দিয়া হৈছে বুলি দাবী কৰিলে আমেৰিকাৰ সেনাই । যদিও তালিবানৰ দাবী, তেওঁলোকে সেই বিমান আৰু কপ্টাৰ ব্যৱহাৰ কৰিব পাৰিব ।

Exit mobile version