তিনি বছৰৰ পাছত কীমে সক্ৰিয় কৰিলে পাৰমাণৱিক ৰিয়েক্টৰ

pic 1

উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে তিনি বছৰৰ পাছত দেশখনত পাৰমাণৱিক ৰিয়েক্তৰৰ কাম-কাজ পুনৰ আৰম্ভ কৰিলে । এই ৰিয়েক্টৰটো পাঁচ মেগাৱাট ক্ষমতাসম্পন্ন আৰু উত্তৰ কোৰিয়াৰ জংগব’ন পাৰমাণৱিক কেন্দ্ৰৰ চৌহদত অৱস্থিত । আই এ ই এৰ তথ্য অনুসৰি উত্তৰ কোৰিয়াই অস্ত্ৰৰ ইন্ধন উৎপাদন কৰাৰ উদ্দেশ্যৰে পাৰমাণৱিক ৰিয়েক্টৰটো কাম-কাজ পুনৰ আৰম্ভ কৰিছে । এই ৰিয়েক্টৰটোৱে প্লুট’নিয়ামৰ ইউৰেনিয়ামৰ স’তে মিছন কৰি পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰা হয় ।

উত্তৰ কোৰিয়াই পুনৰ দেশখনৰ মুখ্য পাৰমাণৱিক ৰিয়েক্টৰ সক্ৰিয় কৰাৰ বাতৰি প্ৰচাৰিত হোৱাত আকৌ এবাৰ বিশ্বজুৰি নতুন আতংকৰ সৃষ্টি হৈছে । আই এ ই এৰ তথ্য অনুসৰি উত্তৰ কোৰিয়াৰ হাতত ৬০টাৰো অধিক পাৰমাণৱিক বোমা আছে ।

২০২১ৰ জুলাইৰ আৰম্ভণিৰ পৰাই কীমৰ নিৰ্দেশত এই পাৰমাণৱিক ৰিয়েক্টৰটোৰ কাম-কাজ পুনৰ আৰম্ভ কৰা হৈছে । উত্তৰ কোৰিয়াই মূলতঃ আমেৰিকা, জাপান আৰু দক্ষিণ কোৰিয়াক লক্ষ্য হিচাপে লৈ বৃহৎ পৰিমাণৰ পাৰমাণৱিক যুদ্ধাস্ত্ৰ মজুত ৰাখিছে । তদুপৰি উত্তৰ কোৰিয়াৰ হাতত বিশ্বৰ তৃতীয় বৃহৎ সংখ্যক ৰাসায়নিক অস্ত্ৰ-শস্ত্ৰও আছে ।

Exit mobile version