চলচ্চিত্ৰত দেখুওৱাৰ দৰেই বেংক ডকাইতি । তিনি ছেপ্টেম্বৰত মুক্তি পাব ‘মানি হেইষ্ট’ৰ নতুন ছিজন, ইয়াৰ পূৰ্বেই সম্পূৰ্ণ ছবিৰ পর্দাত দেখুওৱাৰ ধৰণে বেংক ডকাইতি কৰিলে ব্রাজিলত । মানুহক ঢাল হিচাপে ব্যৱহাৰ কৰি ২০ জন ডকাইতৰ দলে তাণ্ডৱ চলাই লুট কৰিলে বেংক । কোনো যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে মানুহক গাড়ীৰ আগফালে বান্ধি লৈ যায় ডকাইতৰ দলটোৱে ।
চাও পাওলোৰ পৰা ২৯০ কিলোমিটাৰ দূৰত এটা বেংকত হঠাৎ দেওবাৰে মাজৰাতি আক্ৰমণ কৰে ২০ জনীয়া এটা ডকাইতৰ দলে । অত্যাধুনিক অস্ত্রৰে সজ্জিত এই দলে ওচৰ-পাজৰৰ তিনটা বেংক ডকাইতি কৰে । তদুপৰি, ডকাইতৰ দলটোৱে স্থানীয় আৰক্ষী চকীটো আক্ৰমণ কৰে । বিভিন্ন বাতিল গাড়ী আনি পথত থিয় কৰায় ।
Criciuma city, in south Brazil was turned on a real war square besieged by criminals under intense gunfire. Starting at midnight and lasting 3 hours. They locked up many blocks, squares and robbed a lot of banks terrorizing the city people and all country. https://t.co/nfE2eZo9Be
— Ocupa Rio (@OccupyRio) December 1, 2020
সম্প্ৰতি সামাজিক মাধ্যমত বিয়পি পৰিছে এই ডকাইতিৰ সময়ত তোলা বিভিন্ন ভিডিঅ’ ফুটেজ । সেই ভিডিঅ’তে দেখা যায়, কেনেদৰে গাড়ীৰ সন্মুখত বান্ধি ৰখা হৈছে সাধাৰণ মানুহক । এটা চিচিটিভি ফুটেজতো সেই একেই ঘটনা দেখা গৈছে ।