গৌতম আদানী পুনৰ এছিয়াৰ দ্বিতীয় ধনাঢ্য ব্যক্তি হ’ল

97ac0916 b38a 4e2e a65a 24eb5ee9d30f

ভাৰতীয় উদ্যোগপতি গৌতম আদানী আকৌ এবাৰ এছিয়াৰ দ্বিতীয়গৰাকী সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত হ’ল। বিশ্বৰ সবাতােকৈ ধনাঢ্য লােকৰ ব্লুমবার্গৰ তালিকাত আদানীয়ে ১৪ সংখ্যক স্থান লাভ কৰিলে।

উল্লেখ্য যে সম্প্রতি ব্লুমবার্গৰ তালিকা অনুসৰি, এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তিজন হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানী। বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত আম্বানী সম্প্রতি ১২ সংখ্যক স্থানত আছে।

আম্বানীতকৈ দুই স্থান পাছত আছে আদানী। উল্লেখ্য যে শেহতীয়াভাৱে আদানী গ্রুপৰ কোম্পানীসমূহৰ পুঁজি বজাৰত শ্বেয়াৰৰ মূল্য যথেষ্ট বৃদ্ধি পােৱাৰ ফলত আদানীয়ে ধনাঢ্য ব্যক্তিৰ তালিকাত আগস্থান লাভ কৰিবলৈ সফল হ’ল।

ব্লুমবার্গৰ শেহতীয়া পৰিসংখ্যা অনুসৰি, আদানী গ্রুপৰ মুৰব্বী গৌতম আদানীৰ এই মুহূর্তত মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬৭.১ বিলিয়ন ডলাৰ। আনহাতে, এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিচিত আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮৭.৫ বিলিয়ন ডলাৰ।

Exit mobile version