দক্ষিণ আফ্রিকত সন্ধান পোৱা গ’ল কৰ’নাৰ এটা নতুন ৰূপৰ, অস্বাভাৱিক হাৰত নিজেকে পৰিৱৰ্তন কৰিব পাৰে

116084819 smallergettyimages 1204224469 1 1630476461935 1630476469818

পুনৰ কৰ’না ভাইৰাছৰ এটি নতুন ৰূপ (ভেৰিয়েন্ট)ৰ সন্ধান পোৱা গ’ল দক্ষিণ আফ্রিকাত । দ্ৰুতগতিত নিজৰ স্পাইক প্রোটিন পৰিৱৰ্তন কৰিব পাৰে কৰ’না ভাইৰাচৰ এই নতুন ৰূপটিয়ে । ডেল্টাসহ অন্য ৰূপবোৰৰ তুলনাত অন্ততঃ দ্বিগুণ গতিত নিজকে সলনি কৰা দেখা গৈছে এই নতুন ৰূপক ।

ফলত, এই নতুন ৰূপটোৱে‌ মানৱশৰীৰত থকা প্রতিৰোধী এন্টিবডিবোৰক অধিক দক্ষতাৰে হৰুৱাব পাৰে । সেয়ে অধিক দ্রুত সংক্রমণৰ আশংকা বাঢ়ে ।

আমেৰিকাৰ ‘নেচনেল ইনষ্টিটিউট ফৰ কমিউনিকেব্‌ল ডিজিজেছ (এনআইচিডি)’ৰ তৰফৰ পৰা সোমবাৰে এই কথা জনায় । লগতে এইটোও জনায় যে, মে’ত দক্ষিণ আফ্রিকত প্রথম এই ৰূপৰ সন্ধান পোৱাৰ পাছত যোৱা তিনি-চালি মাহত ভাইৰাছৰ এই ৰূপটোৰ পৰা সংক্রমণৰ হাৰ লাহে লাহে বাঢ়িবলৈ লয় । নতুন ৰূপটোৰ নাম দিয়া হৈছে ‘চি.১.২’ ।

কৰ’না ভাইৰাছৰ এই ৰূপৰ চেহাৰা আৰু চৰিত্রৰ বিশেষত্ব আৰু তাৰ পৰা সংক্রমণৰ হাৰ কিমান, তাৰ ওপৰত এটা গৱেষণা কৰিছে দক্ষিণ আফ্রিকাৰ কোৱাজুলু-নাটাল ৰিচাৰ্ছ এণ্ড ইন’ভেচন এণ্ড ছিকোৱেন্সিং প্লেটফর্মে । বিগত সপ্তাহত সেই গৱেষণাপত্রটো এক আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকাৰ পিয়াৰ ৰিভিউৱাৰসকলে লাভ কৰিছে ।

ভাৰতত কৰ’না ভাইৰাছৰ ডেল্টা ৰূপৰ প্রথম সন্ধান পোৱা বছৰৰ আৰম্ভণিতে, দক্ষিণ আফ্রিকাত এতিয়া সেই ৰূপৰে আটাইতকৈ বেছি সংক্রমণ ঘটিছে । ইয়াৰ মাজতেই নতুন ৰূপৰ নিজৰ স্পাইক প্র’টিনক অস্বাভাৱিক দ্রুত হাৰত সলনি কৰাৰ ক্ষমতা বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে বুলি এআইচিডি-ৰ তৰফৰ পৰা জনোৱা হৈছে ।

গৱেষকসকলে জনাইছে, যোৱা মাহত প্রথম সন্ধান পোৱাৰ পাছৰ পৰা  এই পর্যন্ত দক্ষিণ আফ্রিকত কৰ’না ৰোগীসকলৰ যি পৰিমাণে জিনম ছিকোৱেন্সিং কৰা হৈছে তাৰ ভিতৰত মাত্র তিনি শতাংশ ৰোগীক এই নতুন ৰূপত আক্রান্ত হোৱা দেখা গৈছে । যদিও আগতে এই ৰূপৰ পৰা সংক্রমণৰ হাৰ যি আছিল (০.২ শতাংশ) সেয়া আষ্টত একেবাৰতে বৃদ্ধি পায় দুই শতাংশলৈ ।

Exit mobile version