ধনাঢ্য ব্যক্তিৰ শীৰ্ষ স্থানত এলন মাস্ক

9op9k9ko elon musk

বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে আকৌ এবাৰ ব্লুমবার্গৰ তালিকাত শীর্ষ স্থান নিজৰ দখললৈ আনিলে যুৱ ব্যৱসায়ী এলন মাস্কে। বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলা আৰু স্পেচ এক্সৰ স্বত্বাধিকাৰী মাস্কৰ বর্তমানে মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৯৮ বিলিয়ন ডলাৰ।

ADVERTISEMENT

এই বৃহৎ পৰিমাণৰ সম্পত্তিৰে মাস্কে অবুদপতিৰ তালিকাত প্রথম স্থান লাভ কৰিলে। আনহাতে, এমেজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছৰ মুঠ সম্পত্তিৰ পৰিমাণাে ব্লুমবার্গে নির্ণয় কৰা অনুসৰি ১৯৮ বিলিয়ন ডলাৰ।

অৱশ্যে ধনাঢ্য ব্যক্তিৰ এই তালিকাত বেজ’ছে দ্বিতীয় স্থান লাভ কৰিলে। ফ্রান্সৰ বৰ্ণার্ড এনাল্টৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৬২ বিলিয়ন ডলাৰ আৰু তালিকাখনত তেওঁ তৃতীয় স্থান লাভ কৰিছে।

বিল গেটছে ১৫২ বিলিয়ন ডলাৰৰ সম্পত্তিৰে চতুর্থ স্থান আৰু মার্ক জুকাৰবার্গে ১৪১ বিলিয়ন ডলাৰৰ সম্পত্তিৰে এই তালিকাত পঞ্চম স্থান লাভ কৰিলে।

Exit mobile version