নতুন শ্ৰম নীতিত ১২ ঘণ্টা কৰ্মৰ সময় নিৰ্ধাৰণ, সলনি হ’ব বেতনৰ গাঁথনি

75638727

দেশৰ প্ৰচলিত শ্ৰম আইনৰ ব্যাপক সংস্কাৰ সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে । অহা পহিলা অক্টোবৰৰ পৰা নতুন শ্ৰম আইনৰ বলৱৎ হোৱাৰ সম্ভাৱনা আছে । উক্ত দিনাৰ পৰাই ভাৰতত নতুন শ্ৰম আইন বিধি প্ৰযোজ্য হ’ব ।

নতুন শ্ৰম আইনৰ অধীনত শ্ৰমিকসকলৰ কামৰ সময় বৰ্তমানৰ আঠ ঘণ্টাৰ পৰিৱৰ্তে ন-১২ ঘণ্টালৈকে বৃদ্ধি পাব পাৰে । নতুন আইনৰ ফলত শ্ৰমিকসকলৰ মূল বেতনো বৃদ্ধি পাব । ফলত কৰ্মচাৰীসকলৰ ভৱিষ্যৎ নিধিৰ লগতে গ্ৰেচুইটিৰ ধন অধিক পৰিমাণত কৰ্তন কৰা হ’ব । এই কাৰণত কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীয়ে লাভ কৰা প্ৰকৃত বেতনো হ্ৰাস পাব পাৰে ।

উল্লেখ্য যে যোৱা পহিলা এপ্ৰিলতে এই আইন বলৱৎ কৰাৰ কথা আছিল যদিও ক’ভিড পৰিস্থিতিত সেয়া সম্ভৱ নহ’ল । নতুন শ্ৰমিক আইনে কৰ্মচাৰীসকলৰ সপ্তাহিক ছুটীৰ দিন বৃদ্ধি কৰাৰো সম্ভাৱনা আছে । কামৰ সময়, অতিৰিক্ত সময়ৰ কাম আৰু জিৰণিৰ সময়ৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন সাধনৰ ব্যৱস্থা নতুন আইনত কৰা হৈছে ।

নতুন আইনৰ অধীনত কোনো কৰ্মচাৰীয়ে ১৫ৰ পৰা ৩০ মিনিট অতিৰিক্ত কাম কৰে, তেন্তে সেই সময়ত আধা ঘণ্টা হিচাপে গণ্য কৰি প্ৰতিষ্ঠানে কৰ্মচাৰীক ‘অভাৰটাইম’ বেতন আদায় দিব লাগিব । তদুপৰি একেৰাহে পাঁচ ঘণ্টাতকৈ অধিক সময় এজন কৰ্মচাৰীক কামত ব্যস্ত ৰাখিব নোৱাৰিব আৰু কামৰ মাজত আধাঘণ্টাৰ বিৰতি দিব লাগিব ।

Exit mobile version