চাৰিঙত ক’ভিডত প্ৰাণ হেৰুওৱা সকলৰ স্মৃতিত এজন যুৱকৰ ব্যতিক্ৰমী মহানুভৱতা

ৰক্তদানৰ বিনিময়ত পোৱা পুৰস্কাৰৰ টকাৰে পাতিলে কবিতা আবৃত্তি, চিত্ৰাংকণ প্ৰতিযোগিতা

78962219

সংগীত জগতৰ এগৰাকী শব্দ অভিযন্তা হিচাপে পৰিচিত চাৰিং বাৰুৱতী গাঁৱৰ মানৱ ভৰালী ওৰফে গীত নামৰ এগৰাকী যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস ।

মানৱ ভৰালী ওৰফে গীত নামৰ এগৰাকী যুৱ শিল্পীয়ে চাৰিঙত বিভিন্ন সময়ত ৰােগীক নিজৰ ৰক্তদান কৰি পােৱা পুৰস্কাৰৰ টকাৰে পাতিলে ক’ভিডত প্ৰাণ হেৰুওৱা সকলৰ পবিত্ৰ স্মৃতিত কবিতা আবৃত্তি আৰু চিত্রাংকন প্রতিযােগিতা।

বুধবাৰে চাৰিং বাৰুৱতী গাঁৱৰ ভঁৰালী কলা কৃষ্টি কেন্দ্ৰত শব্দ অভিযন্তা ও ৰক্তদাতা মানৱ ভঁৰালী আৰু নয় গগৈৰ উমৈহতীয়া প্ৰচেষ্টাত ইতিপূর্বে ক’ভিডত অকালতে প্রাণ হেৰুওৱা সকলৰ পবিত্ৰ স্মৃতিত চাৰিং আঞ্চলিক ভিত্তিত ছাত্র ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তিৰ উপৰি চিত্রাংকন প্রতিযােগিতা অনুষ্ঠিত কৰি মহানুভৱতাৰ পৰিচয় দিয়ে।

তদুপলক্ষে পুৱা সমাজ কর্মী বিপিন ভৰালীয়ে পতাকা উত্তোলন, চাৰিং পঞ্চায়তৰ প্ৰাক্তন সভাপতি অজিত শইকীয়াই স্মৃতি তর্পন আৰু সমাজকর্মী বিপিন ভৰালীয়ে বৃক্ষৰােপন কাৰ্যসূচী সম্পন্ন কৰে।

বিয়লিলৈ কেশৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে কবি সাহিত্যিক শ্ৰীমন্ত দত্ত উপস্থিত থকাৰ উপৰি বিশিষ্ট অতিথি হিচাপে চলচিত্র পৰিচালক ৰমেন গগৈ, কণ্ঠশিল্পী ৰূপম বড়া, বিশিষ্ট যুৱ সমাজকর্মী তথা প্ৰৱক্তা ৰুণজুন ফুকন ,সাংবাদিক পদ্মলােচন খনিকৰ , নৱ চেতিয়াৰ উপৰি জনপ্রিয় অভিনেতা উৎপল দত্ত উপস্থিত থাকে।

উলেখ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কবিতা আবৃত্তি প্রতিযােগিতাৰ স্থান প্রাপ্ত প্রথম নির্যৰ নিবিড় দত্ত, দ্বিতীয় অনুষ্কা শইকীয়া, তৃতীয় প্রতিষ্ঠা খনিকৰ আৰু উদগণিমুলক পুৰস্কাৰ লাভ কৰা প্রজ্ঞাশ্রুতি খনিকৰক মানপত্র ,ট্ৰফীৰ লগতে একোটাকৈ গছ পুলি আনুষ্ঠানিক ভাবে প্রদান কৰে।

তদুপৰি চিত্রাংকন প্রতিযােগিতাৰ উচ্চ আৰু নিম্ন শাখাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা সকল ক্রমে (নিম্ন) শ্যামানুজ বড়া, অভিষাে ভৰালী, অনুষ্কা শইকীয়া, আৰু (উচ্চ শাখাৰ) প্রাণদ্বীপ শইকীয়া,তন্ময়ী গগৈ, শ্রীমনজ্যোতি বড়াক পুৰস্কাৰ প্ৰদান কৰে।

স্মর্তব্য যে মানৱ দৰদী যুৱক মানৱ ভৰালীয়ে এতিয়ালৈকে দহ বাৰৰাে অধিক ৰক্তদান কৰি অভিলেষ গঢ়াৰ বিনিময়ত একাধিক সংস্থাই আর্থিক অনুদান প্রদান কৰিছিল যদিও সেই অনুদান নিজৰ বাবে ব্যৱহাৰ নকৰি সেই অনুদান এনেদৰে সামাজিক কামত ব্যৱহাৰ কৰাৰ মহানুভৱনতাক সকলােৱে শলাগ লৈছে।

Exit mobile version