জনীয়া সমষ্টিৰ ক্ষুদ্ৰ খোৱাত মানাহ নৈৰ গৰাখহনীয়াৰ তাণ্ডৱ, গৰাখহনীয়াত গৃহহীন বহু পৰিয়াল , চৰকাৰ,জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ইউছুবপুৰ গাওঁ পঞ্চায়তৰ ক্ষুদ্ৰ খোৱাত মানাহ নৈৰ পানী কমি যোৱাৰ লগে লগে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে যোৱা কেইদিনত কুৰিটা পৰিয়াল গৃহহীন হৈ ৰাস্তাৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিছে । খহনীয়াৰ ভয়ত আতংকিত পৰিয়ালে নিজৰ ঘৰ দুৱাৰ ভাঙি গাওঁ এৰি পলায়ন কৰিবলগীয়া হৈছে।

খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, সাংসদ আৰু স্থানীয় বিধায়কে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। ক্ষোভিত ৰাইজে অসম চৰকাৰ, সাংসদ আব্দুল খালেক আৰু বিধায়ক হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ কৰে।

উক্ত খহনীয়া অঞ্চল জনীয়া আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ সীমামূৰীয়া হোৱাৰ বাবে দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে।

Exit mobile version