ডিব্ৰুগড়ত গ্ৰীটিংছ কাৰ্ড দেখি নস্তালজিক অভিনেত্ৰী বৰষা, ঘূৰি গ’ল কলেজীয়া জীৱনৰ সোণালী দিনলৈ

ভ্ৰাম্যমাণৰ আখৰা কৰাৰ অনুমতি দিয়াত উৎফুল্লিত বৰষা‌

Screenshot 74

কলেজীয়া জীৱনৰ সোণালী দিন মনত পেলাই দিছে আৰ্চিছে । সেই ভেলেণ্টাইন ডে, ফ্ৰেণ্ডশ্বিপ ডে’ৰ মাজলৈ ঘূৰি গ’ল বৰষা । হঠাৎ ৮০-৯০ দশকৰ বিশ্বখ্যাত এটা অতিকৈ জনপ্ৰিয় উপহাৰ ব্ৰেণ্ড ‘আৰ্চিছ’লৈ মনত পেলাই মধুৰ স্মৃতিৰে জৰ্জৰিত মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই স্মৰণ কৰিলে অতীত ।

ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠত অসমৰ ভিতৰত দ্বিতীয়খন শ্বৰূম মুকলি কৰি জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নস্তালজিক হৈ পৰিল । অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰীগৰাকী নষ্টালজিক হৈ ইন্টাৰনেট, ছ’চিয়েল মিডিয়া, ম’বাইল ফোনৰ ধামখুমীয়াত ক্ৰমান্বয়ে আঁতৰ হৈ পৰা সময়ত আৰ্চিছ ব্ৰেণ্ডৰ গ্ৰীটিংছ কাৰ্ডকে ধৰি উপহাৰ সামগ্ৰীৰ বিপনীখন উদ্বোধন কৰি লগতে, নতুন প্ৰজন্মৰ স্বামীয়ে আৰ্ৰচিছৰ বিষয়ে নজনাৰ কথাও ৰাজহুৱাকৈ জনাই বৰষা ৰাণীয়ে ।

তেওঁ কয়, ‘অৱশ্যে এতিয়া পুৰণি কথালৈ নাযাওঁ, স্বামী কাষত আছে । মোৰ স্বামীয়ে আৰ্চিছ গেলাৰী কি চিনিয়ে নাপায়, য’ৰ পৰা এটা কথা নিশ্চিত হ’লো যে কলেজৰ দিনত স্বামীয়ে বৰ বেচি প্ৰেম কৰা নাছিল ।’ এইবুলি খুহুতীয়া কথাৰেও ইন্টাৰনেট, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নথকা দিনত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত আৰ্চিছক লৈ কি আকুলতা আছিল তাক প্ৰসংশা কৰিলে অভিনেত্ৰীগৰাকীয়ে ।

বিশেষকৈ, ৯০ দশকৰ প্ৰজন্মৰ মাজত আজিও আৰ্চিছ বুলি ক’লেই মনলৈ আহে বিভিন্ন ডিজাইনৰ গ্ৰীটিংছ কাৰ্ডসমূহ । আপোনজনলৈ প্ৰাণ চুই দিয়া বাৰ্তাৰে, অনন্য দৃশ্যপতত আগবঢ়োৱা কাৰ্ডখনৰ কথা । বয়সে জীৱনৰ বেলেগ বাটলৈ লৈ গ’লেও আজিও হয়তো সেই প্ৰজন্মৰ বহুজনে সজতনে সাঁচি ৰাখিছে কেতিয়াও পাহৰিব নোৱাৰা কোনোবা আপোনজনে দিয়া আৰ্চিছৰ গ্ৰীটিংছখন । প্ৰযুক্তিৰ মাজত হেৰাই গ’লেও যেন সেই সোণালী সময়ৰ কথা এবাৰৰ বাবে হ’লেও সকলোৱে মনত সোঁৱৰাই দিছে বুলি সমাজসেৱক তথা পেপাৰ ৰ’জ শ্বপৰ স্বতাধিকাৰী ৰঞ্জিত গগৈয়ে কয় ।

লগতে অসমৰ দ্বিতীয়খন বিপনী ডিব্ৰুগড়ত মুকলি কৰাত ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত আৰ্চিছৰ ইউহান ড্ৰব আৰিয়া উপস্থিত থাকে । আনহাতে, অভিনেত্ৰী বৰষাই শেহতীয়াকৈ বুধবাৰে চৰকাৰে ঘোষণা কৰা এছ‌অ’পিত ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰা কৰাৰ বাবে অনুমতি দিয়াৰ পাছত উৎফুল্লিত হৈ পৰিছে । বৰষাই চৰকাৰৰ সিদ্ধান্ততক আদৰণি জনায় কয় যে, বিশেষকৈ ক’ভিডৰ বাবে দুটাকৈ বছৰ লকডাউনৰ কবলত থকাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ থকাত ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী, শিল্পী, কলা-কুশলী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছিল । শেহতীয়াকৈ ক’ভিড পৰিস্থিতি সাম কটাত চৰকাৰে নতুন এছ‌অ’পি অনুসৰি ভ্ৰাম্যমাণৰ নাটকৰ আখৰাৰ বাবে অনুমতি দিয়া লগতে শীঘ্ৰে থিয়েটাৰ পৰিবেশন তথা মঞ্চায়নৰ বাবেও নিৰ্দেশনা প্ৰদান কৰিব বুলি আশা কৰে ।

পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণালী যাত্ৰা অব্যাহত ৰখাৰ লগতে এই ক্ষেত্ৰত দৰ্শক, চৰকাৰ, শিল্পী, কলাকুশলী সকলোৰে প্ৰচেষ্টাতহে একোটা ভ্ৰাম্যমাণ নাট্যদল জীয়াই থকা বুলি কৈ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে বৰষাই ।

Exit mobile version