বকোৰ ছমৰীয়াত দুটাকৈ দুষ্প্ৰাপ্য শিহুৰ মৃত্যু : অবৈধ বালি খননৰ ফলত কলহী নৈৰ বুকুত শিহুৰ মৃত্যু

পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনত থকা নৈসমূহৰ বুকুত অবৈধভাৱে বালিখনন কাৰ্য অব্যাহত আছে । সমান্তৰালভাৱৈ বকো ছমৰীয়াৰ কলহী নৈতো অবৈধভাৱে বালিখনন অব্যাহত আছে ।

কলহী নৈৰ শালমাৰা দুষ্প্ৰাপ্য শিহুৰ বিচৰণ স্থলী । অবৈধভাৱে শালমাৰাত বালিখনন কাৰ্য অব্যাহত থকাৰ ফলত দুষ্প্ৰাপ্য শিহুবোৰলৈ ভাবুকি আহিছে । বালিখননৰ ফলত আঘাতপ্ৰাপ্ত হৈ আহিছে দুষ্প্ৰাপ্য শিহুবোৰ ।

আজি ৰাতিপুৱাৰ ভাগত নৈপৰীয়া গঞাই প্ৰত্যক্ষ কৰে নৈৰ বুকুত উপঙি উঠা দুটাকৈ মৃত শিহু । প্ৰথম অৱস্থাত মাছ উপঙি থকা বুলি ভাবিছিল গঞাই । ঘটনা সন্দৰ্ভত বনবিভাগক খবৰ দিয়া হয় । অভিযোগ গাঁওবাসীৰ স’তে কোনোধৰণৰ আলোচনা নকৰাকৈ বনবিভাগে মৃত শিহু দুটা ঘটনাস্থলীৰ পৰা বনাঞ্চলি কাৰ্যালয়লৈ লৈ যায় । আনকি বনবিভাগে অবৈধভাৱে বালিখনন কাৰ্যকলাপৰ ক্ষেত্ৰত‌ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ।

বৰ্তমান মৃত শিহু দুটা বকোস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে । মৃত শিহু দুটা বকোস্থ ৰাজ্যিক পশু চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয় । তাৰ পাছত মৃত শিহু দুটা শিংৰা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ চৌহদত পুতি থোৱাৰ ব্যৱস্থা কৰে ।

Exit mobile version