সিদ্ধান্তত অটল বাইডেনে ক’লে ‘নতুন প্ৰজন্মক পুনৰ যুদ্ধলৈ নপঠাও’

USA UKRAINE 1 1630458813255 1630458887575

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই নিজ দেশৰ ২০০ৰো অধিক নাগৰিকক আফগানিস্তানৰ পৰা উদ্ধাৰ কৰিলে মাৰ্কিন সেনাই । সোমবাৰে নিশাই আফগানিস্তান ত্যাগ কৰিছিল অন্তিমজন মাৰ্কিন সেনাই । ইয়াৰ লগে লগে আফগানিস্তানত আমেৰিকাই চলোৱা সুদীৰ্ঘ ২০ বছৰীয়া সন্ত্ৰাসবিৰোধী যুঁজৰ অন্ত পৰিল । এই উপলক্ষে মাৰ্কিন নাগৰিকক উদ্দেশ্যি দিয়া ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় যে ভৱিষ্যৎ প্ৰজন্মক তেওঁ যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰিব নিবিচাৰে ।

মঙলবাৰে নিশা দেশবাসীক সম্বোধন কৰি বাইডেনে কয়, ‘আফগানিস্তানত যুদ্ধ এতিয়া শেষ হ’ল । ম‌ই ভাবো যে এয়া সঠিক আৰু শ্ৰেষ্ঠ সিদ্ধান্ত । এই বিষয়টোৰ সন্মুখীন হোৱা ম‌ই হৈছো চতুৰ্থজন মাৰ্কিন ৰাষ্ট্ৰপতি । কিদৰে যুদ্ধ শেষ হ’ব সেই বিষয়ত সিদ্ধান্ত ম‌ই ল’ব লগা হ’ল । ম‌ই আমেৰিকাবাসীক প্ৰতিশ্ৰুতি দিছিলো যে এই যুদ্ধ ম‌ই শেষ কৰিম । ম‌ই সেই প্ৰতিশ্ৰুতিক সন্মান জনালো ।

নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীক পুনৰ যুদ্ধলৈ প্ৰেৰণ কৰিব আমি নিবিচাৰো । আন দেশক নতুনকৈ গঢ়াৰ চেষ্টাত সামৰিক অভিযানৰ যুগৰ অন্ত পৰিল । সেনা প্ৰত্যাহাৰৰ সিদ্ধান্তৰ সম্পূৰ্ণ দায়িত্ব ম‌ই গ্ৰহণ কৰিছো । বহুতে কৈছে, আমি বহু আগেয়ে এই সিদ্ধান্ত ল’ব লাগিছিল । ম‌ই সন্মানসহকাৰে জনাওঁ যে, তেওঁলোকৰ স’তে ম‌ই সহমত নহয়। গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা চিন্তা কৰি আমি এই যুদ্ধ অব্যাহত ৰক্ষাৰ পক্ষত থিয় দিব নোৱাৰিলো ।

বিগত দুই দশকত ২,৪৬১ জন মাৰ্কিন সেনাৰ মৃত্যু হ’ল । কেৱল যোৱা সপ্তাহতে ১৩ জনৰ প্ৰাণহানি হৈছিল । আফগানিস্তানত আৰু এটা দশক যুদ্ধ হ‌ওক, এই ক্ষেত্ৰত ম‌ই ৰাজি নহয় ।’

Exit mobile version