সৰুপেটাত সন্তানক বুকুত লৈ পুখুৰীত জপিয়াই আত্মহত্যা মাতৃৰ : মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিলে স্বামী আইটিবিপিৰ জোৱান মহাদেৱ বৰ্মনক

9b628462 02b5 4b9f 8f94 3c69180e01c0

সৰুপেটাৰ নিকটৱৰ্তী নাগিনী পথাৰত কণমানি সন্তানক বুকুত লৈ এগৰাকী মাতৃয়ে পুখুৰীত জপিয়াই আত্মহত্যা কৰা এক হৃদয় বিদায়ক ঘটনা সংঘটিত হোৱাত গভীৰ শোকৰ ছাঁ পৰাৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।‌ ঘটনাটো সংঘটিত হৈছে কালি বিয়লি প্ৰায় ৫-৩০ বজাত‌ । উল্লেখ্য যে সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত ভালাগুৰি গাঁৱৰ বাসিন্দা তথা আইটিবিপিৰ জোৱান মহাদেৱ বৰ্মনৰ পত্নী মালবিকা বৰ্মণ (২৭) নামৰ মহিলাগৰাকীয়ে তেওঁৰ কণমানি তিনি বছৰীয়া পুত্ৰ দেৱাশীষ বৰ্মণক বুকুত লৈ নাগিনী পথাৰৰ এটি পানীভৰ্তি পুখুৰীত জপিয়াই আত্মহত্যা কৰে ।‌

কণমানি দেৱাশীষৰ মৃতদেহ কালি সন্ধিয়াৰ ভাগতেই উদ্ধাৰ হোৱাৰ লগতে নিশা প্ৰায় ১১ বজাত মাতৃ মালবিকা বৰ্মনৰ মৃতদেহ উদ্ধাৰ হয় । প্ৰাপ্ত বাতৰি মতে, কালি দিনৰ ভাগত মালবিকা বৰ্মনে কণমানি পুত্ৰ দেৱাশীষক নলবাৰীলৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ গৈছিল এখন চাৰিচকীয়া বাহনত । চিকিৎসালয়ৰ পৰা উভতি সৰুপেটাত বাহনখন এৰি দি মাতৃ আৰু পুত্ৰই সৰুপেটাৰ পৰা নাগিনী পথাৰ পথেৰে ভালাগুৰিলৈ খোজ কাঢ়ি গৈ থাকোতে পথৰ দাঁতিত থকা এটা পানীভৰ্তি পুখুৰীত জপিয়াই কণমানি পুত্ৰক লৈ মাতৃয়ে আত্মহত্যা কৰে।

মালবিকা বৰ্মনৰ ওপৰত স্বামী মহাদেৱ বৰ্মনে ব্যাপক অত্যাচাৰ চলোৱাৰ পৰিণতিত কণমানি পুত্ৰক লৈ মালবিকাই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মালবিকাৰ পিতৃ পৰিয়ালে সৰুপেটা আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আজি অভিযুক্ত মহাদেৱ বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Exit mobile version