হৃত্বিকৰ স’তে সংঘাতত লিপ্ত নহ’বলৈ কংগনাক বুজাইছিলো ,স্বীকাৰ জাভেদৰ

javed akhtar kangana

বলিউডৰ অভিনেতা হৃত্বিক ৰােছন আৰু অভিনেত্রী কংগনা ৰণৌটৰ মাজত এসময়ত সৃষ্টি হােৱা সংঘাতৰ কথা সর্বজনবিদিত। এই সংঘাতৰ সময়ত বলিউডৰ জনপ্রিয় গীতিকাৰ জাভেদ আখতাৰে হৃত্বিকৰ হৈ ভাবুকি দিয়া বুলি অভিযােগ কৰিছিল কংগনাই।

ADVERTISEMENT

এই বিতর্কই আদালতৰ মজিয়াও গৰকিছিল। কংগনাৰ বিৰুদ্ধে মানহানিৰ গােচৰ তৰিছিল জাভেদে। বােম্বে উচ্চ ন্যায়ালয়ত এই গােচৰ বাতিল কৰিবলৈ আবেদন জনাইছিল কংগনাই। অৱশেষত বৃহস্পতিবাৰে এই আবেদনৰ ৰায়ত স্থগিতাদেশ জাৰি কৰিলে বােম্বে উচ্চ ন্যায়ালয়ে।

অৱশ্যে কংগনাৰ অভিযোেগৰ সন্দৰ্ভত আদালতত জাভেদে কয় যে তেওঁ কংগনাক ভাবুকি দিয়া নাছিল, বঞ্চ হৃত্বিকৰ স’তে কাজিয়াত লিপ্ত নহ’বলৈ পৰামৰ্শহে দিছিল। এজন চিকিৎসকৰ জৰিয়তে কংগনাক নিজৰ ঘৰলৈ মাতি নিয়াৰ কথাও জাভেদে আদালতত স্বীকাৰ কৰে। অৱশ্যে জনপ্রিয় গীতিকাৰজনে আদালতক কয় যে তেওঁ কংগনাক বুজনি দিবলৈহে মাতি নিছিল।

Exit mobile version