নাবালিকাক ধৰ্ষণৰ ঘৃণনীয় অপৰাধ লুকুৱাবলৈ দিলে চিপছ আৰু এশ টকা

তামাৰহাত দুৰ্ভাগ্যজনক ঘটনা

প্ৰথমে নাবালিকাক ফুচুলাই নি ধৰ্ষণ, তাৰ পাছত কথা গোপন ৰখাৰ বাবে পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি, অৱশেষত লম্পট যুৱক হ’ল ৰঙা ঘৰৰ আলহী ।

ঘটনা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ ৰামনাথপাৰা গাওঁত ।তথ্য অনুসৰি গাওঁ খনৰ অতুল বিশ্বাস নামৰ ৩০ বছৰীয়া এজন লম্পট যুৱকে চুবৰীয়া এগৰাকী এঘাৰ বছৰীয়া নাবালিকা ছোৱালীক ফুচলাই নি ধৰ্ষণ কৰে আৰু এই কথা লুকুৱাবলৈ নাবালিকাগৰাকীক এটা চিপছৰ পেকেট আৰু নগদ ১০০ টকা দিয়ে ।

কিন্তু নাৱালিকা গৰাকীয়ে কান্দি কান্দি সমগ্ৰ ঘটনা নিজ মাতৃক কোৱাত পৰিৱেশ উত্তপ্ত হৈ পৰে আৰু অভিযুক্তই ঘটনাটো গোপনে ৰাখিবলৈ নিৰ্দেশ দিয়ে অন্যথা প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ধৰ্ষিতাৰ পৰিয়ালক।

উপায়ন্তৰ হৈ ধৰ্ষিতাৰ মাকে তামাৰহাট থানাত অতুলৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে । এজাহাৰ ভিত্তিত তামাৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অতুলক আটক কৰি তামাৰহাট থানাৰ 208/21 নম্বৰত গোচৰটো পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ 376AB 294/506/509 IPC 4 of POCSO ধাৰাত লম্পট যুৱক জনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে নাবালিকাগৰাকীক ধৰ্ষণ কৰা এইজন লম্বত অতুল বিশ্বাসক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী তুলিছে সৰ্বত্ৰে ।

Exit mobile version