হাউলীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহৰ উদ্বোধন বৰপেটা উপায়ুক্তৰ

ঘৰ সাঁজিব পাৰিলে আশা আশাংক্ষা পূৰণ হয়: তেজ প্ৰসাদ ভূষাল

d25b32c8 68bd 46ec bd53 c9e6c1eb2a8e

হাউলী পৌৰসভাৰ অন্তৰ্গত হাউলী তিনি নং ৱাৰ্ডত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা হিতাধিকাৰীৰ গৃহ আজি পুৱা আনুষ্ঠানিক ভাৱে মুকলি কৰে বৰপেটা জিলাৰ উপায়ুক্ত‌ তেজ প্ৰসাদ ভূষালে।

আজিৰ উদ্বোধনী অনুষ্ঠানত নগৰ আৰু গ্ৰাম্য পৰিকল্পনা বিভাগৰ উপ-সঞ্চালক লক্ষেশ্বৰ ৱাৰী, বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত তথা হাউলী পৌৰ সভাৰ কাৰ্যবাহী বিষয়া নিমাশ্ৰী ডাউকা আৰু হাউলী পৌৰ সভাৰ বিষয়া কৰ্মচাৰী সকলে উপস্থিত থাকে ।

গৃহ উদ্বোধনী অনুষ্ঠানত বৰপেটা জিলা উপায়ুক্ত‌ই উপস্থিত থাকি সাংবাদিকৰ আগত কয় যে ,”আমাৰ মানুহৰ গ্ৰামাঞ্চলতেই হ‌ওক অথবা চহৰ অঞ্চলতেই হ‌ওক এটা ঘৰ সজাৰ সপোন থাকে । ঘৰ সাঁজিব পাৰিলে আশা আশাংক্ষা পূৰণ হয় । গৃহটো নিৰ্মাণ কৰি গৃহত প্ৰৱেশ কৰি এক সুকীয়া আনন্দ লাভ কৰে ।একেদৰে উমানন্দ দাসে আজি গৃহ প্ৰৱেশ কৰিলে । আমি এটা বস্তুৱে আশা ৰাখিছো যে আমাৰ আঁচনিত দিয়া হৈছে এইবোৰ হিতাধিকাৰীয়ে পাব লাগে ।

আমাৰ বিষয়াসকলক আগতীয়াকৈ কৈছো যে যিমান খৰতকীয়াকৈ মানুহক আমি দিব পাৰো সিমান সোনকালে মানুহ উপকৃত হব । আমাৰ লক্ষ্য এইটো থাকিব যে অঞ্চলটোত যিখিনি পৰিয়াল তথা হিতাধিকাৰীয়ে ঘৰ পাব আছে সেই পৰিয়ালক ঘৰ প্ৰদান কৰা হ’ব ।”

উল্লেখ‍্য যে, ২০১৭ – ২০১৮ বিত্তীয় বৰ্ষতে অনুমোদন তথা মঞ্জুৰি প্ৰাপ্ত ধনেৰে হাউলীৰ পৌৰসভাৰ অন্তৰ্গত তিনি নং ৱাৰ্ডৰ হিতাধিকাৰী উমানন্দ দাসে গৃহটো নিৰ্মাণ কৰিছিল ।আনহাতে, হাউলী পৌৰ সভাৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ ৰেৱতী নাথে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহটোৰ আজি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত তথা হাউলী পৌৰ সভাৰ কাৰ্যবাহী বিষয়া নিমাশ্ৰী ডাউকাই ।নিৰ্মাণ কাৰ্যৰ উদ্বোধনী অনুষ্ঠানত নগৰ আৰু গ্ৰাম্য পৰিকল্পনা বিভাগৰ উপ – সঞ্চালক লক্ষেশ্বৰ ৱাৰীয়ে উপস্থিত থাকে।

Exit mobile version