ASSAM MOBILE THEATER: আৰম্ভ হ’ল আখৰা :আশা আৰু প্ৰত্যাহ্বানৰ দুৱাৰডলিত ভ্ৰাম্যমাণ থিয়েটাৰ

চৰকাৰৰ সিদ্ধান্তৰ ওপৰতে এতিয়া বাকীবোৰ কথা নিৰ্ভৰ : প্ৰস্তুতি পৰাশৰ

ভাল দিনৰ আশা আৰু বহু প্ৰত্যাহ্বান সম্মুখত লৈ কেইটামান ভ্ৰাম্যমাণ নাট্য দলে এই বৰ্ষত পুনৰ নাট প্ৰদৰ্শন ৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল, প্ৰস্তুতি পৰাশৰ প্ৰযোজিত আৱাহন থিয়েটাৰ, সুবোধ মজুমদাৰ প্ৰযোজিত থিয়েটাৰ ভাগ্যদেৱীৰ ইতিমধ্যে যোৱা এক ছেপ্টেম্বৰ ত আখৰা গৃহ মুকলিৰ মাংগলিক অনুষ্ঠান সমাপন কৰাৰ লগতে সুভাষ দাস প্ৰযোজিত ইতিহাস থিয়েটাৰ, নিকুঞ্জ দাস প্ৰযোজিত নয়ন তৰা থিয়েটাৰ, জ্যোতিপদ তালুকদাৰ প্ৰযোজিত উদয়ন থিয়েটাৰকে ধৰি গোকুল মহন্ত প্ৰযোজিত ৰাজগুৰু মিনি থিয়েটাৰ, কুমুদ তালুকদাৰ ৰ পৰিকল্পনা ৰে আত্মপ্ৰকাশ কৰা ন আদিত্য নাট্যদল, নবৰত্ন পাটোৱাৰী ৰ পৃষ্ঠপোষকতাত আত্মপ্ৰকাশ কৰা নটসৈনিক নাট্য সমাজ আদি কেইটামান সৰু বৰ নাট্য দলে প্ৰস্তুতি আৰম্ভ কৰিছে।

উল্লেখ্য যে আৱাহন থিয়েটাৰে যোৱা এক ছেপ্টেম্বৰ ত আখৰা শিবিৰ মুকলি কৰি সিদিনাৰ পৰাই নাটৰ আখৰাও আৰম্ভ কৰিছে। সদ্যহতে নাট্য দলটোৱে অভিজিৎ ভট্টাচাৰ্যৰ জয়মতী আৰু মধুবালা নামৰ দুখন নাটকৰ আখৰা কৰাৰ সিদ্ধান্ত লৈছে। তৃতীয়খন নাটকৰ নাম এই পৰ্যন্ত ঘোষণা কৰা নাই।

প্ৰযোজক পৰাশৰে দৈনিক আগ্ৰদূতক কয়- আমি এমাহৰ আখৰা সূচী লৈছো। প্ৰথমে আমি দুখন নাটকৰ আখৰা কৰিম। কিন্তু বাকীবোৰ বহু কথা এতিয়া নিৰ্ভৰ কৰিছে চৰকাৰৰ ওপৰত। ৰিস্ক বহুত আছে- তাৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ কথাটো হল দৰ্শকে কেনেধৰনে লব। তথাপিও এনেবোৰ প্ৰত্যাহ্বানৰ মাজতে আশা বুকুত বান্ধি আগ বাঢ়িব খুজিছো।”

আনহাতে সুবোধ মজুমদাৰ প্ৰযোজিত থিয়েটাৰ ভাগ্য দেৱীৰো যোৱা এক ছেপ্টেম্বৰ ত আখৰা গৃহ মুকলিৰ মাংগলিক অনুষ্ঠান সমাপন কৰি এই বৰ্ষত তিনিখন নাটক মঞ্চস্থ কৰাৰ সিদ্ধান্ত লৈছে। নাটকেইখন হল- তিলক বৈশ্যৰ মাতাল পৃথিৱী, পল্লব পবন ৰ মহালয়া আৰু চম্পক শৰ্মাৰ মহা শ্মশান। মুখ্য অভিনেতা চম্পক শৰ্মা। প্ৰযোজক মাজুমদাৰেও কয় যে ‘ হাই ৰিস্ক লৈ আগবাঢ়িব খুজিছো।

বাকী বহু কথাই চৰকাৰ ৰ ওপৰত নিৰ্ভৰশীল।’ আন এক আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল ইতিহাস থিয়েটাৰেও এই বৰ্ষত অভিজিৎ ভট্টাচাৰ্য্য ৰ সোণৰ খাৰু নালাগে মোক, ভুল নুবুজিবা ভূপেন দা আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ বৃদ্ধাশ্ৰমত জুই শীৰ্ষক তিনিখন নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত লৈছে।

নাট্যদলটোৱে যোৱা এক ছেপ্টেম্বৰ ত আখৰা গৃহ মুকলি কৰি ইতিমধ্যে আখৰা আৰম্ভ কৰিছে। ইপিনে নিকুঞ্জ দাস প্ৰযোজিত নয়নতৰা থিয়েটাৰে এই বৰ্ষত সমৰেন্দ্ৰ বৰ্মনৰ গুৰু, ৰঞ্জিত দাসৰ কলংক আৰু পংকজ চৌধুৰী ৰ নাট্যৰূপত তেজীমলা শীৰ্ষক নাট মঞ্চস্থ কৰাৰ লক্ষ্যৰে এক ছেপ্টেম্বৰ ত সমৰেন্দ্ৰ বৰ্মনৰ হনুমান মন্দিৰত মাংগলিক কাৰ্য সমাপন কৰিছে।

ইয়াৰ লগে লগে গোকুল মহন্তৰ প্ৰয়োজনাৰ ৰাজগুৰু মিনি থিয়েটাৰকে ধৰি আন কেইটামান সৰু বৰ নাট্য দলেও নাট মঞ্চস্থ কৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। ইফালে যোৱা বছৰ নতুনকৈ আত্মপ্ৰকাশ কৰা একমাত্ৰ গিতাশ্ৰী থিয়েটাৰৰ বাহিৰে বিশ্ব বিৰল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ কভিড পৰিস্থিতিৰ বাবে যোৱা প্ৰায় দুটা বছৰ ধৰি বন্ধ হৈ থাকে যদিও ইয়াৰ কেবাবছৰ আগৰে পৰা ভ্ৰাম্যমাণ ৰ আভ্যন্তৰীণ কিছুমান বিতৰ্কই বহু সময়ত সংবাদ শিৰোনাম দখল কৰি আহিছে।

ইয়াৰ মাজতে এইবাৰ মাত্ৰ কেইখনমান থিয়েটাৰে পুনৰ নাট্য যাত্ৰা আৰম্ভ কৰা ৰ প্ৰাকমুহূৰ্তত নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য সদৰী কৰিছে। তেওঁ কয়- এশ শতাংশই অসমীয়া মানুহৰ স্বাভিমানী উদ্যোগটো আকৌ গতিশীল হবই। চৰকাৰী দপ্তৰটো ৰ সৈতে জড়িত সংশ্লিষ্ট বিষয় ববীয়া, মন্ত্ৰী, মুখ্যমন্ত্ৰী ৰ সদিচ্ছা তথা প্ৰযোজক সন্থাৰ সাহসী উদ্যোগ আৰু উমৈহতীয়া প্ৰচেষ্টা ত ভ্ৰাম্যমাণ ৰ গৰিমা পুনৰ উভতি আহিব সেয়া খাটাং। কিন্তু ভ্ৰাম্যমাণ হাতীৰ পিঠিত উঠক, আকৌ নৰখাদক বাঘৰ পিঠিত নুঠিব। ”

ভ্ৰাম্যমাণ ত নতুন সমস্যা- শিল্পী কৰ্মী নাই :

মুষ্টিমেয় কেইজমান অভিনেতা- অভিনেত্ৰীয়ে ভ্ৰাম্যমাণৰ পৰা শকত অংকৰ ধন পাৰিতোষিক লাভ কৰাৰ বাহিৰে অধিক সংখ্যক শিল্পী- কৰ্মচাৰীয়েই লাভ কৰা সামান্য পাৰিতোষিকেৰে চলা- নচলা অৱস্থাৰে পৰিয়াল চলাই আহিছিল যদিও কভিড পৰিস্থিতিয়ে কেইটামান দিনৰ ভিতৰতে তেওঁ লোকলৈ আমানিশা নমাই আনে।

যাৰ ফলস্বৰূপে তেওঁ লোক ৰ বহুতেই ইতিমধ্যে অন্য উপার্জনত জড়িত হৈ পৰিছে। লক্ষণীয় যে স্বয়ং ভাস্কৰ বৰ্মনৰ দৰে এজন নাট্যকাৰ আৰু কমেডিয়ান অভিনেতাই পথৰ দাঁতিত বেরবিহীন চালিৰ তলত চাহ বিক্ৰী কৰি পৰিয়াল চলাব লগা হৈছে। এনে পৰিস্থিতিত তেনে শিল্পী- কৰ্মচাৰী সকল পুনৰ ভ্ৰাম্যমাণলৈ উভতি আহিবনে সেয়া সন্দেহজনক।

গতিকে কেৱল ক’ভিড পৰিস্থিতি য়েই নহয়, এইবাৰ স্বয়ং শিল্পী- কৰ্মচাৰীৰ নতুন সমস্যাই ভ্ৰাম্যমাণক জৰ্জৰিত কৰাতো একপ্ৰকাৰ খাটাং হৈ পৰিছে। আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল হেঙুল, বৃন্দাবন, কহিনুৰ, আৰু বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক সকলোৱেও এনে সম্ভাৱ্য সমস্যাক স্বীকাৰ কৰি এই বৰ্ষত নাট মঞ্চস্থ নকৰাৰ সিদ্ধান্ত ইতিমধ্যে সংবাদ মাধ্যমক সদৰী কৰিছে।

আনহাতে জ্যেষ্ঠ প্ৰযোজক বৰদৈচিলা ৰ নজৰুল ইছলামে এইবুলি কয়- থিয়েটাৰ বস্তুটো এনেকুৱা নহয় যে চৰকাৰে আজি খুলিব পাৰিব বুলি কলেই কাইলৈৰ পৰা খুলিব পাৰিম। ইয়াৰ বাবে দীঘলীয়া প্ৰস্তুতি লাগে। তাতে আকৌ ক’ভিড পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰনলৈ অহা নাই। কমিটি বোৰেও মাতি নিলেও বৰ্তমানৰ পৰিস্থিতিত কাক কত কেনেকৈ থকাৰ ব্যৱস্থা কৰিব আৰু কেনেবাকৈ কোনোবা জনৰ কভিড হৈ গলে কি পৰিস্থিতিৰ সৃষ্টি হব সেইবোৰ এইপৰ্যন্ত চিন্তনীয় হৈ আছে।”

উল্লেখ্য যে এই বৰ্ষত বৰদৈচিলা, কহিনুৰ, বৃন্দাবন আৰু হেঙুল থিয়েটাৰে নাট মঞ্চস্থ নকৰাৰ সিদ্ধান্ত ইতিমধ্যে সদৰী কৰিছে।

Exit mobile version