জনীয়া সমষ্টিৰ আমগুৰী-শওঁপুৰৰ নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াই

দুমাহত গৃহহীন দুই শতাধিক পৰিয়াল, অনাহাৰে ৰাস্তাৰ ওপৰত কটাইছে নিদ্ৰাহীন ৰজনী

জনীয়া সমষ্টিৰ সোঁ মাজেৰে বৈ যোৱা বেঁকী নদীৰ গৰাখহনীয়াই জনীয়া সমষ্টিৰ আমগুৰী-শওঁপুৰৰ নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে । ঘৰ-বাৰী, কৃষিভূমি সকলো বেঁকী নৈৰ বুকুত জাহ গৈছে । যাৰ ফলত এই দুৰ্ভোগীয়া লোকসকলে আশ্ৰয়স্থল হিচাপে বাচি লৈছে এখন পৰিত্যক্ত পকী দলং আৰু এই দলঙৰ ওপৰতেই অনিদ্ৰা অনাহাৰে পাৰ কৰিছে দিন-ৰাতি ।

বিগত দুটা মাহত আমগুৰী, শওঁপুৰ, সুতিঁৰপাথাৰ, কাউৰঝাহী, মুৱামাৰী, খাৰবাল্লী আদি গাঁৱৰ দুই শতাধিক পৰিয়ালে বেঁকী নৈৰ কৰাল গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈছে । আনকি নৈখনৰ গৰাখহনীয়াই কলগাছিয়া-কৰাৰকুৰ গড়কাপ্তানী পথ আৰু বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ।

এই ক্ষেত্ৰত ভুক্তভোগী ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা আৰু ক্ষতিপূৰণৰ দাবী জনাই চৰকাৰৰ ওচৰত কাতৰ আহবান জনাইছে ।

Exit mobile version