মানাহত তিনিদিনীয়াকৈ অনুষ্ঠিত বাঘ গণনা প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

WhatsApp Image 2021 09 04 at 6.01.07 PM

প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত যোৱা দুই ছেপ্টেম্বৰৰ পৰা আজি চাৰি ছেপ্তেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বাঘ গণনা ২০২১-২২ বৰ্ষৰ প্ৰশিক্ষণ কৰ্মশালাৰ আজি সফল সামৰণি পৰে । উক্ত কৰ্মশালা মানাহৰ বাঁহবাৰী ৰেঞ্জৰ কাষৰীয়া মুছা ল’জত অনুষ্ঠিত হৈছিল ।

আজিৰ সামৰণি অনুষ্ঠানত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শৰ্মাই উপস্থিত থাকি কয় যে, দেশ তথা উত্তৰ পূৱত বাঘৰ আবাদী নিৰূপণৰ বাবে অহা অক্টোবৰত আৰম্ভ হ’বলগীয়া এক প্ৰকল্পৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ বন বিষয়াসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে তিনিদিনীয়া কৰ্মশালাত সুন্দৰবন, কামলাং, নামদফা, পাক্কে আদি ব্যাঘ্ৰ প্ৰকল্পৰ উপৰিও মেঘালয়, মণিপুৰ আদি উত্তৰ পূৱৰ ৰাজ্যসমূহৰ প্ৰায় ৮০ গৰাকী বনবিষয়াই অংশগ্ৰহণ কৰে ৷ এই বন বিষয়াসকলক ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু নেচনেল টাইগাৰ কনজাৰ্ভেচন অথৰিটিৰ দ্বাৰা ট্ৰেপ কেমেৰা, জিপিএছৰ জৰিয়তে কিদৰে সূচাৰুৰূপে বাঘৰ সংখ্যা, আবাদী নিৰূপণ কৰিব পাৰি এই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

উল্লেখযোগ্য যে এই কৰ্মশালাত অংশগ্ৰহণ কৰা বন বিষয়াসকলে প্ৰশিক্ষণৰ অন্তত নিজ নিজ ৰাজ্যত গৈ আন বন বিষয়া, বনকৰ্মীসকলক উক্ত বিষয়ত প্ৰশিক্ষণ দিব ৷ ইফালে, অক্টোবৰৰ পৰা চলিবলগীয়া “All India Tiger Estimation”ৰ জৰিয়তে দেশ তথা উত্তৰ পূৱত বাঘৰ আবাদীৰ সঠিক তথ্য লাভ কৰাৰ উপৰি বিশেষকৈ উত্তৰ-পূৱত বাঘৰ সংখ্যা পূৰ্বতকৈ অধিক পোৱা যাব বুলি আশা প্ৰকাশ কৰে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই ৷‌

প্ৰশিক্ষণ কৰ্মশালাত ভাৰতৰ মুখ্য বন সংৰক্ষক অমিত সাহাই, মানাহৰ ক্ষেত্ৰ সঞ্চালক অমল কুমাৰ শৰ্মা, বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম, কামেশ্বৰ বড়ো, মানাহৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়োৰ উপৰিও বহুকেইগৰাকী উচ্চ পৰ্যায়ৰ বন বিষয়া উপস্থিত থাকে ৷

Exit mobile version