এফালে কৰ’নাৰ সান্ধ্য আইন, আনফালে তীব্ৰ খাদ্য সংকটঃ জৰুৰী অৱস্থা ঘোষণা শ্ৰীলংকাত

120349521 gettyimages 1234974664

ক’ভিড-১৯ ভাইৰাছৰ হ্ৰাসত ইতিমধ্যে বহু দেশৰ অৱস্থা শোচনীয় হৈছে । গণ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সান্ধ্য আইন, তলাবন্ধৰ দৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলো দেশে বাধ্য হৈছে । এনে পৰিস্থিতিত খাদ্য সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে শ্ৰীলংকাত । সমস্যাই ইমানে ভয়াবহ ৰূপ ধাৰণ কৰিলে যে বাধ্য হৈ শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিলে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষ‌ই ।

প্ৰকাশিত বাতৰি অনুসৰি, শ্ৰীলংকাৰ এই চৰম দুৰ্দশাৰ অন্যতম কাৰক হৈছে অৰ্থনৈতিক পতন । মুদ্ৰাস্ফিতীয়ে এফালে অস্বাভাৱিক ৰূপ ধাৰণ কৰিছে আৰু এনে পৰিস্থিতিত দেশৰ বেচৰকাৰী বেংকসমূহত এতিয়া বৈদেশিক মুদ্ৰাৰ অভাৱ ঘটিছে । ফলত বিদেশৰ পৰা সামগ্ৰী আমদানিৰ ক্ষেত্ৰত শ্ৰীলংকাত সমস্যাই দেখা দিছে ।

কৰ’না পৰিস্থিতিত শ্ৰীলংকাৰ অৰ্থনীতি সম্পূৰ্ণ ভাঙি পৰিছে আৰু একে সময়তে দেশখনত খাদ্য সংকটে দেখা দিয়াত অৱস্থা দুৰ্দশাজনক হৈছে । সেয়েহে উপায়বিহীন হৈ ৰাষ্ট্ৰপতি ৰাজাপক্ষ‌ই দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হ’ল ।

Exit mobile version