তালিবানৰ স’তে সীমিত সম্পৰ্ক ৰাখিব ভাৰতে, ঘোষণা বৈদেশিক সচিবৰ

ANI 20210830176 0 1630715950120 1630715961655

আলোচনাৰ পথ মুকলি হ’লেও তালিবানৰ স’তে সম্পর্ক বজায় ৰখাৰ ক্ষেত্রত ‘ধীৰে চলো’ নীতি গ্ৰহণ কৰিব নতুন দিল্লীয়ে । শনিবাৰে এই ইংগিতে দিলে বৈদেশিক সচিব হর্ষবর্ধন শ্রিংলাই । লগতে তেওঁ কয়, ‘‘কাতাৰৰ ৰাজধানী দোহাত তালিবানৰ স’তে ভাৰতৰ কোনো সুদৃঢ় আলোচনা হোৱা নাই ।’’

ভৱিষ্যতে আফগানিস্তানৰ নতুন শাসকসকলৰ স’তে ‘সীমিত সম্পর্ক’ বজায় ৰখা হ’ব বুলিও তেওঁ জনায় । তালিবানৰ মুখপাত্র সুহেল শ্বাহিনে শুকুৰবাৰে কয়, ‘‘মুছলিম হিচাপে আমাৰ কাশ্মীৰৰ মুছলিমসকলৰ পক্ষত মাত মতাৰ অধিকাৰ আছে ।’’ লগতে, চীনক পাকিস্তানৰ ‘আটাইতকৈ গুৰুত্বপূর্ণ সহযোগী’ বুলিও তেওঁ বর্ণনা কৰে । ইয়াৰ পাছতেই শ্রিংলাৰ এনে মন্তব্য ‘তাৎপর্যপূর্ণ’ বুলি ধাৰণা কৰে কূটনৈতিক মহলৰ একাংশ‌ই ।

কাতাৰৰ ৰাজধানী দোহাত ভাৰতীয় দূতাবাসত মঙলবাৰে তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ স্তানিকজাইৰ স’তে বৈঠকত মিলিত হৈছিল কাতাৰত নিযুক্ত ভাৰতৰ ৰাষ্ট্রদূত দীপক মিত্তল । বৈদেশিক মন্ত্রণালয়ৰ সূত্র অনুসৰি, সেই বৈঠকত আফগানিস্তানত আৱদ্ধ হৈ থকা ভাৰীতীয়সকলৰ লগতে ভাৰতত আহিবলৈ ইচ্ছুক সেই দেশৰ নাগৰিক, বিশেষকৈ সংখ্যালঘুসকলক নতুন দিল্লীত অনাৰ বিষয়ত আলোচনা হৈছে । ভাৰতৰ আবেদন বিবেচনাৰ আশ্বাস দিছে তালিবানে ।

দোহাৰ বৈঠক ভাৰতৰ কাবুল-নীতিতকৈ বহু পৃথক বুলি মত প্ৰকাশ কৰিছে কূটনৈতিক মহলৰ একাংশ‌ই । মনমোহন সিং বা অটলবিহাৰী বাজপেয়ীৰ চৰকাৰে কেতিয়াও তালিবানৰ স’তে প্ৰত্যক্ষ আলোচনাৰ পথ মুকলি কৰা নাছিল । কিন্তু পৰিৱর্তিত পৰিস্থিতিত বাধ্য হৈ নৰেন্দ্র মোদী চৰকাৰে তালিবানৰ স’তে আলোচনাৰ টেবিলত বহিবলগীয়া হৈছে বুলি একাংশৰ মত । কাৰণ, আফগানিস্তানৰ স’তে কাশ্মীৰৰ সমস্যা আৰু ভাৰতৰ নিৰাপত্তা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে । কাবুলত তালিবানি শাসন ঘূৰি অহাৰ পাছত চীনৰ সহায়ত পাকিস্তান তাৰ প্রধান কাণ্ডাৰী হ’লে, নতুন দিল্লীৰ বাবে অস্বস্তিৰ কাৰণ হ’ব । বৈদেশিকমন্ত্রী এছ জয়শংকৰ আৰু প্রথম শাৰীৰ তালিবান নেতা আব্দুল ঘানি দুয়োৱে দোহাৰ বৈঠকৰ আলোচ্যসূচি সম্পর্কে অৱগত বুলি চৰকাৰী সূত্রৰ খবৰ ।

যদিও মোদী চৰকাৰৰ এই পদক্ষেপক লৈ ইতিমধ্যে ঘৰুৱা ৰাজনীতিত বিতর্ক সৃষ্টি হৈছে । জম্মু আৰু কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা নেচনেল কনফাৰেন্স নেতা ওমৰ আবদুল্লাই দাবী কৰিছে, ‘‘কেন্দ্র‌ই আগতে স্পষ্ট কৰক, এতিয়াও তেওঁলোকে তালিবানক সন্ত্ৰাসগোষ্ঠী বুলি মানে নে নাই ।’’ এনে পৰিস্থিতিত বৈদেশিক সচিবৰ মন্তব্য ভাৰতৰ সাৱধান পদক্ষেপৰ ইংগিত বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version