বিনিয়ােগৰ পৰিকল্পনা কৰিছে যদি বর্তমান চলি থকা বিভিন্ন চৰকাৰী আঁচনিসমূহৰ ভিতৰত অন্যতম জনপ্রিয় আঁচনি অটল পেঞ্চন যােজনা (Atal Pension Yojana-APY)ক বাছনি কৰিব পাৰে আপুনি। এই আঁচনি হৈছে সুৰক্ষিত স্থানত বিনিয়ােগ কৰাৰ এক সুন্দৰ বিকল্প। অসংগঠিত খণ্ডত কাম কৰা লােকসকলৰ বাবে ২০১৫তে কেন্দ্রীয় চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল। চৰকাৰী এই আঁচনিত বিনিয়ােগ কৰিলে মাহিলি পাঁচ হেজাৰ টকা পর্যন্ত উপার্জন কৰিব পাৰে বিনিয়ােগকাৰীজনে। আঁচনিখনৰ নিয়ম অনুযায়ী, ১৮ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনাে ভাৰতীয় নাগৰিকে ইয়াত বিনিয়ােগ কৰি পেঞ্চন লাভ কৰিব পাৰে। অৱশ্যে এই সুবিধা লাভ কৰিবলৈ হ’লে তেওঁলােকৰ বেংক বা ডাকঘৰত একাউন্ট থকা বাধ্যতামূলক। আঁচনিখনৰ জৰিয়তে বিনিয়ােগকাৰীৰ বয়স ৬০ বছৰ পাৰ হােৱাৰ পাছত সহজে পেঞ্চন লাভ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে।
অটল পেঞ্চন যােজনা কি ?
অটল পেঞ্চন আঁচনিত আপােনাৰ বিনিয়ােগ আপােনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে। আঁচনিখনে কমেও এহেজাৰ টকাৰ পৰা সর্বাধিক পাঁচ হেজাৰ টকাৰ মাহিলি পেঞ্চন প্রদান কৰিব পাৰে। যদি আপুনি এই পেঞ্চন আঁচনিৰ বাবে আপােনাৰ নাম পঞ্জীয়ন কৰিব বিচাৰে, তেন্তে আপােনাৰ এটা বেংক একাউন্ট, আধাৰ নম্বৰ আৰু এটা ম’বাইল নম্বৰ থাকিব লাগিব।
এই আঁচনিৰ লাভালাভবােৰ চাওক:
আপুনি যিমান সােনকালে অটল পেঞ্চন যােজনাত যােগদান কৰিব, আপুনি সিমানে অধিক লাভান্বিত হ’ব।যদি এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত অটল পেঞ্চন যােজনাৰ অধীনত নিজৰ নাম পঞ্জীয়ন কৰে, তেন্তে তেওঁ ৬০ বছৰ বয়সৰ পাছত প্রতি মাহে পাঁচ হেজাৰ টকাৰ মাহিলি পেঞ্চনৰ বাবে প্রতিমাহে ২৪০ টকাকৈ জমা দিব লাগিব।
প্রতিমাহে পাঁচ হেজাৰ টকাৰ পেঞ্চন লাভ :
অর্থাৎ এই আঁচনিখনত প্রতিদিনে সাত টকা জমা দি আপুনি প্রতিমাহে পাঁচ হেজাৰ টকাৰ পেঞ্চন লাভ কৰিব পাৰে। আঁচনিখনে প্রতি মাহে ১০ টকাৰ মাহিলি পেঞ্চনৰ বাবে প্রতিমাহে মাত্র ৪২ টকা জমা দিব লাগিব। দুহেজাৰ টকাৰ পেঞ্চনৰ বাবে ৮৫ টকা, তিনি হেজাৰ টকাত ১২৬ টকা আৰু চাৰি হেজাৰ টকাৰ মাহিলি পেঞ্চনৰ বাবে প্রতিমাহে ১৬৮ টকাকৈ বেংক একাউণ্টত জমা থ’ব লাগিব। অটল পেঞ্চন আঁচনিত বিনিয়ােগ কৰা লােকসকলে আয়কৰ আইন ৮০ চিৰ অধীনত ১.৫ লাখ টকালৈকে কৰ ৰেহাই লাভ কৰে। ইয়াৰ ভিতৰত, গ্রাহকৰ কৰযােগ্য উপার্জন হ্রাস কৰা হয়। ইয়াৰ উপৰি বিশেষ ক্ষেত্ৰত ৫০ হেজাৰ টকালৈকে অতিৰিক্ত কৰ ৰেহাইৰ সুবিধা প্রদান কৰা হয়। এনেদৰে আঁচনিখনে দুই লাখ টকালৈকে টেক্স বেনিফিট লাভ কৰৰ সুবিধা প্রদান কৰিছে। যদি দুর্ভাগ্যবশতঃ বিনিয়ােগকাৰীজনৰ মৃত্যু হয়, তেন্তে তেওঁৰ পত্নীয়ে স্বয়ংক্রিয়ভাৱে মনােনীত হ’ব আৰু আঁচনিখনৰ সকলাে বেনিফিট বা লাভ পাব। অর্থাৎ মৃত ব্যক্তিগৰাকীৰ পত্নীয়েও পূৰ্বৰ দৰেই একে পৰিমাণৰ পেঞ্চন লাভ কৰি থাকিব। আনহাতে, পত্নীও যদি জীয়াই নাথাকে, বিনিয়ােগকাৰীয়ে মনােনীত কৰি থৈ যােৱা ব্যক্তিয়ে ইয়াৰ বাবে নির্ধাৰিত কপছৰ সুবিধা লাভ কৰিব। অর্থাৎ মনােনীত ব্যক্তিয়েও এক নির্দিষ্ট পেঞ্চন লাভ কৰিব পাৰিব।