ধুবুৰীত শিক্ষক দিৱস উদ্‌যাপন

৩২গৰকী কৃতি শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা

ধুবুৰী জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত আজি ধুবুৰী জিলা অধিবিদ্যা পৰিষদৰ প্ৰেক্ষাগৃহত ৬০তম শিক্ষক দিৱস উদ্‌যাপন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, প্ৰখ্যাত পণ্ডিত তথা বৰেণ্য শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰা হয় ৷

ADVERTISEMENT

অনু্ষ্ঠানত জিলাখনৰ ৩২গৰাকী কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ সভাত উপস্থিত থাকি প্ৰদান কৰা ভাষণত শিক্ষক দিৱস উদ্‌যাপন সমিতিৰ সভাপতি তথা জিলা উপায়ুক্ত অন্বামুুথন এম পিয়ে কয় যে শিক্ষকসকল সমাজৰ মূল স্তম্ভ ৷ সমাজ পৰিৱৰ্তনত শিক্ষকৰ বৃহৎ ভূমিকা থাকে ৷ ক’ভিড কালত হোৱা প্ৰযুক্তিগত পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষকসমাজে লোৱা ভূমিকাৰ কথা তেওঁ অনলাইন শ্ৰেণীৰ প্ৰসংগৰে উল্লেখ কৰে ৷

জিলাখনৰ শিক্ষক আৰু শিক্ষাখণ্ডৰ সমস্যা সমাধানত বিশেষ গুৰুত্ব দিয়াৰ লগতে শিক্ষাৰ দিশত জিলাখনক আগবঢ়াই নিব বুলি কয় জিলা উপায়ুক্তগৰাকীয়ে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ ভোলানাথ কলেজৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে কয় যে শিক্ষা অবিহনে কোনো এটা জাতি আগবাঢ়ি যাব নোৱাৰে আৰু সকলো জাতিৰ বাবে শিক্ষকসকল চিৰনমস্য ৷ ভাৰতত পুৰণি কালৰে পৰা শিক্ষকৰ স্থান আন দেশতকৈ বহুত ওপৰত আছিল ৷

তেওঁ লগতে কয় যে, তাহানি কালৰে পৰা ভাৰতত গুৰুসকল সকলোৰে ওপৰত আছিল ৷ ৰজাইয়ো গুৰুক সমীহ কৰি চলিছিল ৷ নতুন শিক্ষানীতিক সঠিক ৰূপত কাৰ্যকৰী কৰিলে আগন্তুক ১৫-২০ বছৰত ভাৰত বিশ্বগুৰুলৈ পৰিণত হ’ব বুলি মন্তব্য কৰি তেওঁ সকলো শিক্ষকক আঁচনিখন ৰূপায়নত অন্তঃকৰণেৰে ব্ৰতী হ’বলৈ আহ্বান জনায় ৷ অনুষ্ঠানত শিক্ষক দিৱস উপলক্ষে ‘গদাধৰ কবি চক্ৰই প্ৰকাশ কৰা এখন কবিতা সংকলন উন্মোচন কৰা হয় ৷

অনুষ্ঠানত কে’বাগৰাকী বিশিষ্ট শিক্ষাবিদ, শিক্ষা বিষয়া আৰু বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ৷

Exit mobile version