গুৱাহাটীৰ নামনি কামাখ্যাস্থিত নীলাচল জাতীয় বিদ্যালয়ত দেওবাৰে সম্পূৰ্ন ক’ভিড প্ৰ’টকল মানি ৬০ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়।
ADVERTISEMENT
অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। দশম শ্ৰেণীৰ ছাত্ৰী এনিশা বণিক্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্ৰ তথা সম্পাদক নীতিজ্ঞ ৰাজনন্দনে সভাৰ উদ্দেশ্য বাখ্যা কৰে।
সভাত উপস্হিত থকা অসম ৰেলৱে উচ্চতম মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অৰুনিমা দেৱীক এখন গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
ইফালে অনুষ্ঠানত সমাবেত সংগীত পৰিৱেশন কৰাৰ লগতে শিক্ষাৰ্থীসকলে নৃত্য পৰিবেশন আৰু কবিতা আবৃত্তিও কৰে।শেষত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।