পেটৰ বিষ উপশম ঘটায় পদিনাই

mint on a wooden table

পদিনাৰ উপকাৰিতা সম্পর্কে প্ৰায়ভাগ লােকেই কম বেছি পৰিমাণে জ্ঞাত। পদিন শাক সহজে পােৱা যায় আৰু প্ৰায়ভাগ লোকেই দৈনন্দিন খাদ্য তালিকাত অন্তর্ভুক্ত কৰে। পদিনা হ’ল মাটিৰ ওপৰত বগাই যােৱা এবিধ সৰু কোমল গছ। পাত ছিঙিলে সাধাৰণতে লতাজাতীয় গছডালাে উঘালি যায়। ইয়াৰ পাত দুই-তিনি ছেণ্টিমিটাৰমানহে ডাঙৰ হয়। পদিনাৰ ফুল
পাতল বেঙুনীয়া। পদিনাৰ গা-গছ পাত দুয়ােটাই সুগন্ধি।

 

★পদিনাৰ পৰা মেন্থল তেল প্রস্তুত কৰা হয়।

★নিয়মীয়াকৈ পদিনা খালে বিভিন্ন ধৰণৰ চৰ্মৰােগ প্ৰতিৰােধ কৰাটো সম্ভৱ ।

★যদিহে বমি ভাব বা বমি হৈছে তেতিয়াহ’লে পদিনাৰ পাত খালে এনে সমস্যাৰ পৰা উপশম পাব পাৰি। ছয়গ্রাম সৈন্ধৱ লৱণৰ স’তে ২০০ মিলিগ্রাম ঠাণ্ডাপানীত পদিনাৰ ৰস মিহলাই খালে বমি ওলােৱাটো বন্ধ হব।

★পদিনা খালে পেটৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

★বেছিকৈ পেট বিষালে পদিনাৰ ৰসত পৰিমাণ অনুযায়ী জালুকৰ গুড়ি মিহলাই মৌৰ লগত খালৈ উপকাৰ পােৱা যায়।

★পদিনাৰ ৰস আদাৰ লগত খালেও উপকাৰ পােৱা যায়।

★যদিহে খজুৱাই খজুৱাই গাত ঘামচিৰ দৰে ৰঙা পৰে তেতিয়াহ’লে পদিনাৰ পাত পিচি অলপ চেনি মিহলাই খালে
উপকাৰ পােৱা যায়।

★পেট ফুলা আদিত শুকান পদিনাৰ পাত ব্যৱহাৰ কৰিলে সুফল পােৱা যায়।

Exit mobile version