চীনৰ বৰ্দ্ধিত প্ৰভাৱে ভাৰত-ভূটান সম্পৰ্কত ব্যাঘাত জন্মাইছে : হিন্দু যুৱ ছাত্ৰ

ৰঙা চীনৰ দৃষ্টি ছিকিমতো

Y7OKCAHTDBJNZMDLEDGNW6SW34

‘চীনৰ বৰ্দ্ধিত প্ৰভাৱৰ ফলত ভাৰত-ভূটান সম্পৰ্কত ব্যাঘাত জন্মাৰ উপক্ৰম হৈছে । চীনৰ স’তে গঢ়ি উঠা সুসম্পৰ্কৰ বাবেই সম্প্ৰতি ভূটানে ভাৰতক গুৰুত্ব দিবলৈ এৰিছে । যদিহে চীনে এনেদৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ ওপৰত নিজৰ প্ৰভাৱ বৃদ্ধি কৰি গৈ থাকে তেন্তে নিশ্চিতভাৱে ভাৰতবৰ্ষই এক জটিল সমস্যাৰ সন্মুখীন হ’ব ।’ এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ ।

দেওবাৰে এক সংবাদ মেলত পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই এই মন্তব্য প্ৰকাশ কৰি কয়, ‘পাকিস্তান, বাংলাদেশ, ম্যানমাৰ আৰু নেপালৰ পাছত এইবাৰ ৰঙা চীনে ভূটানলৈ নিজৰ প্ৰভাৱ বিস্তাৰ কৰি ভাৰতৰ লগত ভূটানৰ অতদিনে থকা সু-সম্পৰ্ক ক্ৰমে বিনষ্ট কৰাৰ দিশত অগ্ৰসৰ হৈছে । কৰ’না মহামাৰী গইনা লৈ বত্তৰ্মানেও ভূটানে ভাৰতীয় লোকক অসম সীমান্তৰে ভূটানত প্ৰবেশ বন্ধ কৰি ৰাখিছে ৷ ভূটান প্ৰৱেশত ভাৰতীয় তথা অসম-উত্তৰ পূৰ্ব্বাঞ্চলৰ লোকক প্ৰৱেশৰ ক্ষেত্ৰত বাধা দিয়াটো চীনৰ লগত ৰচনা কৰা এক কূটনৈতিক কৌশল । প্ৰাক কৰ’না সময়ৰ পৰা চীনে ভূটান নৰেশৰ লগত প্ৰায় আঠখন বৈঠক সম্পন্ন কৰিছে ৷ এই বৈঠকত চীন-ভূটানৰ সম্পৰ্কটো সুনিশ্চিত হৈছে । সলনি হৈছে ভূটানৰ চাল চলন ।’

তেওঁ লগতে কয়, ‘চীনৰ লগত সুসম্পৰ্ক গঢ়াৰ পূৰ্বে ভূটানে নীতি নিয়ম অনুসৰি নদীবান্ধৰ পানী খুলি দিছিল । কিন্তু যেতিয়াই চীনৰ স’তে সম্পৰ্ক আগবাঢ়িল, চীনৰ প্ৰভাৱ বৃদ্ধি পালে তেতিয়াৰ পৰাই ভূটানে ভাৰতক গুৰুত্ব দিবলৈ বাদ দিলে । কোনো নীতি নিয়ম পালন নকৰাকৈ যেতিয়াই তেতিয়াই নদীবান্ধৰ পানী খুলি দিয়ে । যাৰ ফলত বঙাইগাঁও আৰু চিৰাঙত আই নদীৰ ভয়ানক ৰূপ আমি দেখিবলৈ পাইছোঁ । জিলা দুখনে বিস্তৰ ক্ষতি সাধনৰ সন্মুখীন হ’বলগীয়া হৈছে । আমি ভাবো ভাৰতৰ ভুল বৈদেশীক নীতিৰ ফলতেই চীনে নিজৰ কূটনৈতিক ষড়যন্ত্ৰত সফল হৈছে । যদি চীনে বাধাহীনভাৱে এইদৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ লগত এনেদৰে নিজৰ প্ৰভাৱ বঢ়াই তোলে তেতিয়াহ’লে নিশ্চিতভাৱে ভাৰতবৰ্ষই এক জটিল সমস্যাৰ সন্মুখীন হ’ব ৷’

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশীক নীতিত আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়োজন আছে । ভূটানৰ পাছতে চীনে ছিকিমৰ ওপৰতো দৃষ্টি ৰাখিছে ৷ উত্তৰ ছিকিমৰ ৰেং ৰেং দলঙৰ ওপৰতে ছিকিম ভাৰতৰ সম্পৰ্ক নিৰ্ভৰ কৰিছে । সেয়ে ৰেং ৰেং দলঙৰ উপৰি ভাৰত চৰকাৰে সম্পূৰ্ণ উত্তৰ ছিকিমৰ লগতে নাঠুলা খণ্ডৰ ওপৰত দৃষ্টি নিবন্ধ কৰাৰ লগতে ইয়াৰ সুৰক্ষা ব্যৱস্থাটো অধিক কট্‌কটীয়া কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহবান জনালো ।

টাইবানৰ স’তে সম্পৰ্ক নাৰাখিবলৈ ইতিপূৰ্বে চীনে ভাৰতক পোনপটীয়াকৈ ধমকি দিছিল যদিও ভাৰত চৰকাৰ তথা সংবাদ মাধ্যমে এই বিষয়টোত গুৰুত্ব প্ৰদান নকৰিলে । চীনৰ সংবাদ পত্ৰ গ্লোবেল টাইমত চীনে ভাৰতক দিয়া সেই ধমকিৰ বিষয়ত বিস্তৃতভাৱে প্ৰকাশ পাইছিল । টাইবানৰ লগত সম্পৰ্ক ৰক্ষা কৰিলে বা টাইবানক সমৰ্থন কৰিলে চীনে অসমত থকা ইছলামিক শক্তিবোৰক, সন্ত্ৰাসবাদী সংগঠনবোৰক প্ৰত্যক্ষভাবে সমৰ্থন জনাব বুলি কৈছিল । যদি চীনে সঁচাকৈ সেই ধমকি কাৰ্যকৰী কৰে তেন্তে যিখন ভূটানৰ পৰা এটা সময়ত আলফাৰ ঘাটি উচ্ছেদ কৰা হৈছিল সেইখন ভুটানত আই এছ আই ,জেহাদীৰ ঘাটি স্থাপন হোৱাটো নিশ্চিত ।

সংবাদ মেলত হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ উপ-সভাপতি দিবাকৰ দাস, সাধাৰণ সম্পাদক মাধৱ দাস, সহকাৰী সম্পাদক গৌতম ডেকা, মুখ্য সাংগঠনিক সম্পাদক বিটুমণি গগৈ, সাংগঠনিক সম্পাদক কাঞ্চন দেৱনাথ আৰু প্ৰচাৰ সম্পাদিকা লিজামণি দাসৰ উপৰিও বৰপেটা জিলা সমিতিৰ সভাপতি পঙ্কজ পাঠক আৰু সাধাৰণ সম্পাদক অনুপ দাসৰ লগতে কে’বাজনো বিষয়ববীয়া উপস্থিত থাকে ৷

Exit mobile version