ভৱানীপুৰত শিক্ষক দিৱস উদযাপন

মহাবিদ্যালয়ত অৰ্ধশতাধিক শিক্ষাবিদ-শিক্ষক সম্বৰ্ধিত

নামনি অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত, মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়।

বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত শিক্ষক দিৱসত আৰম্ভণিতেই ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছৱিত মাল্যদান, পূস্পাঞ্জলি প্ৰদান, বন্তি প্ৰজ্বলন কৰা হয়।

লগতে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ সভাপতি ধৰণীধৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি আৰু সম্বৰ্ধনা সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰীডাৰ ড° গিৰিশ চন্দ্ৰ শৰ্মাই মুখ্য অতিথি, বজালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° প্ৰণীতা দেৱী, ভৱানীপুৰৰ প্ৰবীণ শিক্ষাবিদ ক্ৰমে , হৃদয় কুমাৰ চৌধুৰী, ৰাজেন্দ্ৰ নাথ তালুকদাৰ, চণ্ডী প্ৰসাদ দাসে অতিথিৰূপে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ভাষণ দিয়ে।

মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° মুকুন্দ শৰ্মাই উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণ দিয়া,অধ্যাপক ড° সমীৰণ শৰ্মাই আত ধৰা সভাত অধ্যাপকদ্বয় খনীন তালুকদাৰ,তাইজুদ্দিন আহমেদেও বক্তৃতা প্ৰদান কৰে।

উল্লেখ্য যে সভাত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ড° মুকুন্দ শৰ্মাই অৰ্ধশতাধিক শিক্ষাবিদ,শিক্ষকক উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে।

Exit mobile version