মধুপুৰ সত্ৰৰ বিগ্ৰহ চুৰি সত্ৰ সমিতিৰ মধুপুৰ সত্ৰত মত বিনিময় অনুষ্ঠান

cb565db3 26b0 4d9e a44b d9021809ba82

উত্তৰ বংগৰ কোচবিহাৰত অৱস্থিত ঐতিহাসিক মধুপুৰ সত্ৰত উদ্ভৱ হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ অধ্যয়নৰ বাবে কালি সত্ৰশাল সত্ৰৰ সত্ৰাধিকাৰ তথা মধুপুৰ সত্ৰ সমিতিৰ সভাপতি শ্ৰী জীতেন্দ্ৰ নাথ প্ৰধানী আৰু কাৰ্য্যকৰী সভাপতি উদ্ধৱ দাস, সাধাৰণ সম্পাদক প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, সম্পাদক হৰিদেৱ দাস আৰু পুলিন পাঠকৰ নেতৃত্বত যোৱা এটা সজাতি দলে পৰিস্থিতি অধ্যয়ন কৰে।

মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে সত্ৰখনত উদ্ভৱ হোৱা বিভিন্ন সমস্যা, অভাৱ-অভিযোগৰ বিষয়ে স্থানীয় সত্ৰ পৰিচালনা সমিতি আৰু ৰাইজৰ লগত দলটোৱে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

স‍জাতি দলটোৱে সত্ৰৰ মূল মন্দিৰৰ পৰা ঐতিহাসিক কে’বাটাও বিগ্ৰহ চুৰি হোৱা কাৰ্য্য সম্পৰ্কত স্থানীয় লোকৰ স’তে আলোচনা কৰে। সত্ৰৰ পৰা এই বিগ্ৰহসমূহ চুৰি হোৱা ঘটনাক সকলো ৰাইজে গৰিহণা দিয়ে।

এই সম্পৰ্কত স্থানীয় পুলিছ প্ৰশাসনৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে যদিও পুলিছে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সজাতি দলটোৱে লগতে সত্ৰৰ মাটি বেদখল হোৱা কাৰ্য্যক গভীৰ উদ্বেগ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে মধুপুৰ সত্ৰৰ চৰকাৰী তথ্য মতে মুঠ মাটিকালিৰ সংখ্যা ৮৭ মিটাৰ। কিন্তু বৰ্তমানে সত্ৰৰ চৌহদটো কেৱল ১৬ বিঘা মাটিৰে আগুৰি আছে।

বাকী মাটি আধিয়াৰসকলে খেতি কৰি আছে যদিও মাটিৰ খাজনা সত্ৰ সমিতিয়ে আদায় দি আছে। আধিয়াৰসকলে কৰা খেতিৰ আয়ৰ মাত্ৰ তিনি ভাগৰ এক ভাগহে সত্ৰক আদায় দিয়ে।

বৰ্তমান কৰ’না পৰিস্থিতিৰ বাবে ভক্তৰ সমাগম সীমিত হোৱাৰ বাবে আৰ্থিক পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। চুৰে বিগ্ৰহ আদি চুৰি কৰাৰ উপৰিও সত্ৰ চৌহদত থকা কে’বাটাও পানী যোগান ধৰা যন্ত্ৰ চুৰি কৰি লৈ গৈছে।

ইয়াৰ লগতে যোৱা এবছৰ ধৰি অতিথিশালা, ভোগঘৰ, পানী যোগানৰ নিৰ্মাণ কাৰ্য্য বন্ধ হৈ থকাত সত্ৰখন ভীষণ সমস্যাৰ সন্মুখীন হৈছে। নিৰ্মাণ কাৰ্য্য চলোৱাৰ বাবে সত্ৰ চৌহদৰ বেৰসমূহ ভাঙি দিয়াত চুৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে।

মধুপুৰ সত্ৰ সমিতিয়ে বৰ্তমান অসুস্থ হৈ থকা সত্ৰাধিকাৰ শ্ৰী লক্ষ্মীকান্ত মহন্তৰ স্বাস্থ্যৰ তদাৰক কৰিবলৈ এজন বিশিষ্ট পৰিচাৰিকাক নিয়োগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ‍্য যে মধুপুৰ সত্ৰ সমিতিয়ে অসম আৰু পশ্চিমবংগ চৰকাৰক সত্ৰখনৰ নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে বন্ধ হৈ থকা নিৰ্মাণ কাৰ্য্য সোনকালে আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।

Exit mobile version