মাস্ক পিন্ধক, ভিৰ এৰাই চলকঃ তৃতীয় ঢৌৰ পৰা বাচিবলৈ পৰামৰ্শ বিশেষজ্ঞৰ

RHVG6GOVP3N2D6WT5TSQEPFQHI

দেশত কৰ’নাৰ সংক্ৰমণ এতিয়াও উদ্বেগজনক হৈয়ে আছে । বিশেষকৈ কেৰালা মহাৰাষ্ট্ৰ, তামিলনাডু আদিত কৰ’নাৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই ক’ভিডৰ দ্বিতীয় ঢৌ দেশত বাহাল থকাৰ সময়তে তৃতীয় ঢৌৰ আগমনৰ শংকা ঘনীভূত হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিশেষজ্ঞসকলে দেশবাসীক পৰামৰ্শ দি কয় যে সম্ভাব্য তৃতীয় ঢৌ প্ৰতিৰোধ কৰিবলৈ হ’লে সকলোৱে প্ৰতিষেধক গ্ৰহণৰ লগতে নিয়মীয়াকৈ মাস্ক পৰিধানৰ অভ্যাস গঢ়ি তুলিব লাগিব । তদুপৰি ভিৰ এৰাই চলিলে কৰ’নাৰ সংক্ৰমণক বাধা দিয়াটো সম্ভৱ হ’ব ।

আগন্তুক উৎসৱৰ বতৰত দেশবাসীক সংযম ৰক্ষা কৰি যথাসম্ভৱ ঘৰৰ ভিতৰতে আবদ্ধ থাকিবলৈকো স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিছে । মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত মুক্ত বিচৰণ কৰাৰ পৰিণতিত দেশত আকৌ এবাৰ ক’ভিডৰ নতুন সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ শংকা আছে ।

স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দি কয়, ‘অনুগ্ৰহ কৰি সকলোৱে ঘৰৰ বাহিৰত মাস্ক পৰিধান কৰক । ঘনে ঘনে হাত জীৱাণুমুক্ত কৰক । অযথা ভিৰ নকৰিব যথাসম্ভৱ সোনকালে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰক । দুটাকৈ ঢৌৰ তীব্ৰতা প্ৰত্যক্ষ কৰাৰ পাছতো দেশবাসীক মাস্ক পৰিধানৰ পৰামৰ্শ দিবলগা হোৱাটো আশ্চৰ্যকৰ কথা ।’

Exit mobile version